Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

লালু-নীতিশৰ পৰা জীতন ৰাম মাঝিলৈ..জানো আহক নেতাৰ সন্তানে কিমান পঢ়া-শুনা কৰিছে

দ্য ষ্টেটমেন্ট : বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত নিৰ্বাচনী কুচকাৱাজ পূৰ্ণগতিত চলি আছে৷ নীতিশ কুমাৰৰ পৰা আৰম্ভ কৰি তেজস্বী যাদৱলৈকে সকলোৱে শিক্ষা, চাকৰি, নিবনুৱা সমস্যা আদিক লৈ ডাঙৰ ডাঙৰ ভাষণ প্ৰদান কৰিছে৷ ৰাজনীতিত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ এক ইতিবাচক বিষয়৷ কিন্তু কেৱল পৰিয়ালকেন্দ্ৰিক ভাৱে ৰাজনীতিত যুৱ-প্ৰজন্মৰ প্ৰৱেশে বিভিন্ন সময়ত নানা বিতৰ্কৰ সূচনা কৰে৷ বিহাৰত কেইবাগৰাকীও প্ৰখ্যাত নেতাৰ সন্তানে নিৰ্বাচনত অংশগ্ৰহণ কৰিব৷ জানো আহক নীতিশ কুমাৰ, লালুপ্ৰসাদ যাদৱৰ পৰা আৰম্ভ কৰি জীতন ৰাম মাঝিৰ পুত্ৰলৈকে, এই সন্তানসকলৰ পঢ়া-শুনা কিমান-

তেজস্বী যাদৱ- আৰজেডিৰ বৰ্তমানৰ মুখ্য নেতা লালুপ্ৰসাদ যাদৱৰ কনিষ্ঠ পুত্ৰ তেজস্বী যাদৱে কেৱল নৱম শ্ৰেণীলৈকেহে পঢ়া-শুনা কৰিছে৷ নীতিশ কুমাৰৰ সৈতে মহাজোঁটবন্ধনৰ চৰকাৰ গঠন হওঁতে তেজস্বী যাদৱ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল৷ ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেজস্বী যাদৱে ক্ৰিকেটো খেলিছিল৷ চাৰি বছৰ তেজস্বী যাদৱ আই পি এলত দিল্লী ডেয়াৰডেভিলছ দলত যোগদান কৰিছিল৷ অৱশ্যে তেজস্বীয়ে মেচ খেলাৰ সুযোগ নাপালে৷ এইবছৰ তেজস্বী যাদৱ ৰাঘোপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী৷ 

তেজপ্ৰতাপ যাদৱ- লালুপ্ৰসাদ যাদৱৰ জ্যেষ্ঠ সন্তান তেজপ্ৰতাপ যাদৱেও বিশেষ পঢ়া-শুনা কৰা নাই৷ নিৰ্বাচনী আয়োগক দাখিল কৰা তথ্য অনুসৰি তেজ প্ৰতাপ যাদৱে ১২দশ শ্ৰেণীলৈ অধ্যয়ন কৰিছে৷ নীতিশ কুমাৰৰ সৈতে চৰকাৰ গঠন কৰাৰ সময়ত তেজপ্ৰতাপ যাদৱ স্বাস্থ্য মন্ত্ৰী আছিল৷ 

চিৰাগ পাচৱান- সদ্যপ্ৰয়াত লোক জনশক্তি পাৰ্টীৰ মুখ্য নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ সন্তান চিৰাগ পাচৱানে কম্পিউটাৰ বিজ্ঞান বিষয়ত ইঞ্জিনিয়াৰিং উত্তীৰ্ণ৷ তাৰ উপৰি চিৰাগ পাচৱানে ফেশ্যন ডিজাইনিঙৰো ডিগ্ৰীধাৰী৷ ৰাজনীতিত ভৰি থোৱাৰ পূৰ্বে চিৰাগ পাচৱান বলীউডৰ সৈতে জড়িত আছিল৷ 

নিশান্ত কুমাৰ- ৰাজনীতি আৰু লাইমলাইটৰ পৰা দূৰত অৱস্থান কৰা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰ বিৰলা ইনষ্টিটিউট অৱ্ টেকনলজিৰ পৰা ইঞ্জিনিয়াৰিং উত্তীৰ্ণ৷ ৰাজনীতিৰ পৰিৱৰ্তে আধ্যাত্মিকতাৰ প্ৰতি বেছি আকৰ্ষিত নিশান্ত কুমাৰ৷ 

সন্তোষ কুমাৰ সুমন- প্ৰাক্তন মুখ্যমন্ত্ৰী জীতন ৰাম মাঝিৰ পুত্ৰ সন্তোষ কুমাৰ সুমনে উচ্চ শিক্ষা গ্ৰহণ কৰিছে৷ সন্তোষ কুমাৰ সুমন পিএইচডি ডিগ্ৰীধাৰী৷ সন্তোষ কুমাৰ সুমনেও নিৰ্বাচনত সক্ৰিয়ভাৱে লাগি আছে।

প্ৰিন্স ৰাজ- ৰামবিলাছ পাচৱানৰ ভতিজা তথা লোক জনশক্তি পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ প্ৰিন্স ৰাজো উচ্চশিক্ষিত৷ প্ৰিন্স ৰাজে লণ্ডনৰ ইন্টাৰনেশ্যনেল বিজনেছ য়ুনিভাৰ্ছিটি অৱ্ হৰ্টফোৰ্ডশ্বায়াৰৰ পৰা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে৷ 

অৰ্জিত শাশ্বত- কেন্দ্ৰীয় মন্ত্ৰী আৰু বক্সৰৰ পৰা বিজেপি দলৰ সাংসদ অশ্বিনী চৌবেৰ পুত্ৰ অৰ্জিত শাশ্বতেও বিদেশত পঢ়া শুনা কৰিছে৷ অৰ্জিতে অষ্ট্ৰেলিয়াৰ চডন ক্ৰান্স য়ুনিভাৰ্ছিটিৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰিছে৷ ২০১৫ চনত অৰ্জিত শাশ্বতে ভগলপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজিত হৈছিল।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.