Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

দিল্লীৰ হিংসাত্মক ঘটনাৰ পিছত কংগণাই কলে ‘দিল্লী পুলিচ লাঠী চলোৱা’: আন অভিনেতাই কি ক’লে?

দ্য ষ্টেটমেন্ট : ২৬ জানুৱাৰী ২০২১, দেশৰ গণতন্ত্ৰ দিৱসৰ দিনা মোদী চৰকাৰে গৃহীত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কৃষকে দিল্লীত ট্ৰেক্টৰ পেৰেডৰ আয়োজন কৰিছিল। কিন্তু ট্ৰেক্টৰ পেৰেডৰ সময়ত সংঘটিত হোৱা কিছু হিংসাত্মক ঘটনাত বহুকেইজন আৰক্ষী আৰু কৃষক আহত হোৱাৰ উপৰিও এজন কৃষকৰ মৃত্যু হয়। এই ঘটনাৰ পিছত বলীউডৰ বহু অভিনেতাই নিজৰ মন্তব্য প্ৰকাশ কৰিছে। 

অভিনেত্ৰী গুল পনাঙে টুইট কৰি লিখে, “এনেকুৱা লাগিছে, চৰকাৰে প্ৰথম দিনটোৰ পৰা যি বিচাৰি আছিল, সেইটো লাভ কৰিলে। তেওঁলোকে এই আন্দোলনটো বেয়া দিশলৈ যোৱাৰ অপেক্ষা কৰি আছিল। প্ৰদৰ্শনকাৰীক বাৰে বাৰে উচতনি দিয়াৰ, সৰু দেখুওৱাৰ চেষ্টা চলি আছিল।”

তাপসী পান্নুয়ে দুখন ফটো শ্বেয়াৰ কৰি লিখে, “মোৰ টাইম লাইনত দেখা দুটা খবৰে আমাৰ দেশৰ অৱস্থা প্ৰতিফলিত কৰিছে।”

কংগণা ৰানাৱটে লিখে ” প্ৰায় প্ৰতিমাহে এনেধৰণৰ হিংসা আৰু তেজ বিয়পোৱাৰ ঘটনা শুনি আমনি লাগি গৈছে। দিল্লী, বাংগালুৰু আৰু এতিয়া দিল্লী, দিল্লী পুলিচ, লাঠী চলোৱা।”

প্ৰকাশ ৰাজে লিখে, “সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা। আজিৰ দিনটোত মই দেশৰ কৃষকৰ সৈতে থিয় হৈ আছো।”

বিশাল  দাদালানীয়ে লিখে, “দুয়োটা পক্ষৰ পৰা হোৱা হিংসাক স্বীকাৰ কৰিব নোৱাৰি, বিশেষকৈ যেতিয়া দুয়োটা পক্ষ এটা ফালে থাকিব লাগে।” 

উল্লেখ্য যে দেশৰ সাধাৰণ লোকৰ লগতে বলিউডৰ বহু অভিনেতাই দিল্লীৰ হিংসাত্মক ঘটনাৰ নিন্দা কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.