দ্য ষ্টেটমেন্ট : ২২ বছৰীয়া এজন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্যক হত্যা কৰাৰ অভিযোগত কেৰেলা আৰক্ষীয়ে ছচিয়েল ডেমক্ৰেটিক পাৰ্টী অফ ইণ্ডিয়া(SDPI)ৰ ৮ জন সদস্যক গ্ৰেপ্তাৰ কৰিছে। কোৱা হৈছে যে ২৪ ফেব্ৰুৱাৰীত ছচিয়েল ডেমক্ৰেটিক পাৰ্টী অফ ইণ্ডিয়া আৰু আৰএছএছৰ সদস্যৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ফলতেই আৰএছএছৰ সদস্যজনৰ মৃত্যু হৈছিল।
সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ২২ বছৰীয়া RSSৰ সদস্য ৰাহুল কৃষ্ণা ওৰফে নন্দু নাগামকোলানগাৰাৰ ভায়ালাৰ পঞ্চায়তৰ বাসিন্দা। আৰক্ষীয়ে ইতিমধ্যে হিংসাত্মক ঘটনা সংঘটিত হোৱা জিলাখনত যোৱা তিনিদিনৰ পৰা ধাৰা ১৪৪ প্ৰযোজ্য কৰিছে।
উল্লেখ্য যে দুদিনৰ আগতে SDPI য়ে কেৰেলা বিধানসভা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰম্ভণি কৰিবলগীয়া বিজেপিৰ বিজয় যাত্ৰাৰ ৰাজ্যজুৰি বিৰোধীতা কৰি নাগামকোলানগাৰাত এখন সভাৰ আয়োজন কৰিছিল। সভা অনুষ্ঠিত হোৱা নাগামকোলানগাৰেই দুয়োপক্ষৰ মাজত হোৱা হিংসাত্মক হতাহতিত ২২ বছৰীয়া RSSৰ সদস্য ৰাহুল কৃষ্ণা ওৰফে নন্দুৰ মৃত্যু হয়। আৰক্ষীয়ে জানিবলৈ দিছে যে এই হতাহতিত দুয়োপক্ষৰ বহু কেইগৰাকী সদস্য আহত হৈছে। আৰক্ষীয়ে ইতিমধ্যে RSSৰ সদস্যজনক হত্যা কৰাৰ অপৰাধত ৮ জন SDPIৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।