Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

কংগনা ৰাণাৱটক Y কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

দ্য ষ্টেটমেন্ট : বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট আৰু শিৱসেনা দলৰ নেতা সঞ্জয় ৰাউতৰ মাজত বাক্-বিতন্তা অব্যাহত থকাৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে কংগনা ৰাণাৱটক Y কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ৷ এই নিৰাপত্তা প্ৰদানৰ পিছত কংগনা ৰাণাৱটে টুইট কৰি গৃহমন্ত্ৰীক ধন্যবাদ জনাইছে ৷

কংগনাই লিখিছে-“প্ৰমাণ হৈ গ’ল যে দেশভক্তৰ কন্ঠক কোনো ফেচিবাদী শক্তিয়ে দমন কৰিব নোৱাৰিব ৷ মোক কেইদিনমান পিছত মুম্বাইলৈ যোৱাৰ বাবেও গৃহমন্ত্ৰীয়ে নিৰ্দেশ দিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি ভাৰতৰ এগৰাকী কন্যাৰ কন্ঠক সন্মান প্ৰদান কৰা বাবে মই গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাইছো ৷”

কংগনা ৰাণাৱটে বলীউডক পাক অধিকৃত কাশ্মীৰ বা PoK বুলি কোৱাৰ পিছত শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ সৈতে কংগনাৰ বাক্-বিতন্তা আৰম্ভ হৈছিল । কংগনাৰ এই মন্তব্যৰ পিছত ইতিমধ্যে মুম্বাইত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে । ৯ ছেপ্টেম্বৰ তাৰিখে কংগনা মুম্বাইলৈ যোৱাৰ কথা । সেইবাবেই নিৰাপত্তালৈ লক্ষ্য ৰাখি কংগনাক Y কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰা হৈছে ।

Y কেটেগৰীৰ সুৰক্ষা ব্যৱস্থা কি?

যিকোনো ব্যক্তিৰ জীৱনৰ নিৰাপত্তাৰ খাটিৰত আৰক্ষী আৰু চৰকাৰে তেওঁক সুৰক্ষা প্ৰদান কৰে ৷ বিপদৰ গম্ভীৰতালৈ লক্ষ্য ৰাখি ভাৰতৰ সুৰক্ষা ব্যৱস্থাক চাৰিটা স্তৰত ভাগ কৰা হৈছে- Z+, Z, Y আৰু X ৷ কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, ডাঙৰ ৰাজনৈতিক নেতা আৰু জ্যেষ্ঠ বিষয়াক সাধাৰণতে চৰকাৰৰ তৰফৰ পৰা সুৰক্ষীকৰ্মী প্ৰদান কৰা হয় ৷ Z+ কেটেগৰীত ৫৫ গৰাকী সুৰক্ষাকৰ্মী নিয়োগ কৰা হয় ৷ একেদৰে Z কেটেগৰীত ২২ জন, Y কেটেগৰীত ১১ জন আৰু X কেটেগৰীত ২ গৰাকী সুৰক্ষাকৰ্মী নিয়োগ কৰা হয় ৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.