Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ

দ্য ষ্টেটমেন্ট : বিহাৰ বিধানসভাৰ ৭১ খন আসনৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ ২৮ অক্টোবৰত অনুষ্ঠিত হয়। ৩ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ আৰু ৭ নৱেম্বৰত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ বাবে নিৰ্বাচনত অংশ লোৱা তিনিটা প্ৰধান দল বিজেপি, আৰজেডি আৰু জেডিয়ুয়ে ভোটাৰক এটাৰ পাছত আন এটা প্ৰতিশ্ৰুতি প্ৰদান কৰি এখনৰ পাছত সিখন সভাত অংশগ্ৰহণ কৰিছে। কিন্তু নিৰ্বাচন চলি থকাৰ মাজতে দেশৰ জ্যেষ্ঠ সাংবাদিক ৰবীশ কুমাৰে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি লিখে যে বিহাৰৰ ১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত এতিয়ালৈকে ICUৰ সুবিধাই নাই। 

সাংবাদিক ৰবীশ কুমাৰে নীতিশ কুমাৰৰ চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি লিখে-“কোনো এখন চৰকাৰৰ বাবে এটা কাম সম্পূৰ্ণ কৰিবলৈ ১৫ বছৰ যথেষ্ট সময়। এটা কথা ঠিক যে নীতিশ কুমাৰৰ এই কায্যকালত পথ নিৰ্মাণ কৰা হ’ল, বিজুলীৰ কাম কৰা হ’ল, কিন্তু এই দুটা কামৰ বাবে নীতিশ কুমাৰে ১৫ বছৰ সময় লগাই দিলে। একো নহ’লেও স্বাস্থ্যৰ ওপৰত তেওঁ চকু দিব লাগিছিল। মেচিন ক্ৰয় কৰি চিকিৎসালয়ত থৈ দিয়া হৈছে কিন্তু ডাক্তৰ নাই। কিছুমান বিল্ডিং ১৩ বছৰৰ পৰা নিৰ্মাণ হয়েই আছে।” 

ৰবীশ কুমাৰে লিখে যে “১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই আৰু এই উত্তৰ ২০১৭ চনত চৰকাৰেই বিধানসভাত দিছিল। কিন্তু তাৰপাছত স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰিছিল? নালন্দা নীতিশ কুমাৰৰ গৃহ জিলা আৰু সেই জিলাতেই  কোটি টকাৰ মেচিন আৰু বিচনা এতিয়া ধূলিত পোত গৈ আছে।
শেষত নীতিশ কুমাৰক সমালোচনা কৰি ৰবীশ কুমাৰে লিখে “কলেজ আৰু চিকিৎসালয়ৰ কাম হোৱাহ’লে হয়তো জনতাৰ সমস্যা অলপ হ্ৰাস পালেহেঁতেন। আজি বিজেপি আৰু নীতিশ কুমাৰে ১৫ বছৰৰ পুৰণা শাসনৰ কথা ক’ব লগা নহ’লহেঁতেন। আচল কথাটো হ’ল যে ৰাস্তা আৰু বিজুলীৰ ব্যৱস্থা কৰিও নীতিশ কুমাৰে বিহাৰক ৩০ বছৰ পিছুৱাই নিলে।” 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.