Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

সাংবাদিকক আটক কৰাৰ পাছতেই মুম্বাই আৰক্ষীলৈ অৰ্ণৱৰ নিৰ্দেশ : ৫ মিনিট সময় দিছো, মুকলি কৰি দিয়ক

দ্য ষ্টেটমেন্ট : সাংবাদিক অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ সাংবাদিক প্ৰদীপ ভাণ্ডাৰীক শনিবাৰে মুম্বাই আৰক্ষীয়ে সোধা পোছাৰ বাবে খাৰ থানালৈ লৈ গৈছিল। সেই ঘটনাৰ পাছতেই ৰিপাব্লিকৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰা হ’ল যে  প্ৰদীপ ভাণ্ডাৰীয়ে অগ্ৰিম জামিন লাভ কৰাৰ পাছতো আইন অমান্য কৰি আৰক্ষীয়ে তেওঁক সোধা পোছা কৰিছে। 
ৰিপাব্লিক টিভিৰ সাংবাদিক প্ৰদীপ ভাণ্ডাৰীক শনিবাৰে মুম্বাই আৰক্ষীয়ে সোধা পোছাৰ বাবে খাৰ থানালৈ লৈ যোৱাৰ পাছতেই সেই ঠাইত ৰিপাব্লিক টিভিৰ বহু কেইজন সাংবাদিক উপস্থিত হৈ আৰক্ষীক তেওঁক মুকলি কৰি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। সেই সময়ত ষ্টুডিঅ’ত অৰ্ণৱ গোস্বামীয়েও এই ঘটনাৰ বাবে মুম্বাইৰ আৰক্ষী কমিছনাৰ পৰমবীৰ সিঙ আৰু উদ্ধৱ থাকেৰে চৰকাৰলৈ প্ৰদীপ ভাণ্ডাৰীক মুম্বাই আৰক্ষীয়ে সোধাপোছাৰ বাবে লৈ যোৱাৰ বাবে সমালোচনা কৰি প্ৰশ্ন উত্থাপন কৰি আছিল। ষ্টুডিঅ’ত অৰ্ণৱ গোস্বামী ইমানেই উত্তেজিত হৈছিল যে এটা সময়ত ৰিপাব্লিকৰ এজন সাংবাদিকক কলে, “তেওঁলোকক কোৱা (আৰক্ষীক কোৱা) যে অৰ্ণৱ গোস্বামীয়ে ৫ মিনিট সময় দিছে, ৫ মিনিটৰ ভিতৰত প্ৰদীপ ভাণ্ডাৰীক মুকলি কৰি দিয়ক।” 

অৰ্ণৱ গোস্বামীয়ে পুনৰ ষ্টুডিঅ’ৰ পৰা কয়, মই প্ৰদীপ ভাণ্ডাৰী ক’ত আছে, সেইয়া চাব বিচাৰো। মই জানিব বিচাৰো। দেশে জানিব বিচাৰিছে। আপোনালোকে কওঁক আমাক। নিজৰ মতে কাম কৰক, গ্ৰেপ্তাৰ কৰক আমাক। এওঁলোকক ৰেহাই দিয়া নহ’ব। কি ধাৰাৰ অধিনত গ্ৰেপ্তাৰ কৰিছে?কেমেৰা ভিতৰলৈ লৈ যাওঁক, সমগ্ৰ দেশে লাইভ চাই আছে। তেওঁক মুকলি কৰক, এতিয়াই মুকলি কৰক। কি হৈছিল কালি খাৰ আৰক্ষী চকীত আৰু অৰ্ণৱ গোস্বামীয়ে কি কৈছিল চাওক: 

আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.