Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

সঁচাকৈ আবিদ খানে মন্দিৰৰ পূজাৰীক প্ৰহাৰ কৰিছিল নেকি?

NANDITA DEKA: ছচিয়েল মিডিয়াত এটা খবৰ খুব ভাইৰেল হৈছে। কোৱা হৈছে যে এটা মন্দিৰত অকলে পূজা কৰি থকা এজন পূজাৰীক ৰীবাৰ আৰক্ষী অধীক্ষক আবিদ খানে বৰ বেয়াকৈ প্ৰহাৰ কৰিলে আৰু পূজাৰ ঠাই খিনিও তহিলং কৰিলে। টুইটাৰত ট্রেণ্ড চলি আছে #SuspendAbidKhan


স্থানীয় লোকৰ মতে,  ৰাম নৱমীৰ দিনা  পূজাৰীজন মন্দিৰত পূজা কৰিবলৈ অকলে আহিছিল আৰু তাৰ পাছতে তৎক্ষণাত আৰক্ষী আহি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।তাৰপিছত পূজাৰ সামগ্ৰী আৰু ঠাইখিনি তহিলং কৰে । এইবোৰ ৰীবাৰ আৰক্ষী আবিদ খানে কৰা বুলি স্থানীয় লোকে কৈছে আৰু ছচিয়েল মিডিয়াত এই বাৰ্তাই প্ৰচাৰ হৈ আছে।

সঁচা কথাটো কি? 

ফটোত থকা এইজন ব্যক্তি ৰীবাৰ আৰক্ষী অধীক্ষক আবিদ খানৰ নহয়, তেওঁ সেই স্থানত নাছিল।

ফটোত থকা এই ব্যক্তিজন চিভিল লাইন থানাৰ  বিষয়া ৰাজকুমাৰ মিশ্ৰ। ইয়াৰ উপৰিও মন্দিৰলৈ পূজাৰীজন অকলে যোৱা নাছিল, মহিলাৰ এটা গোট মন্দিৰ প্ৰাংগণত উপস্থিত আছিল আৰু মন্দিৰ থকা এই ঠাইৰ লোকে লকডাউন ৰ নিয়ম একেবাৰে পালন কৰা নাছিল।

খবৰ অনুসৰি মন্দিৰৰ পূজাৰী উপেন্দ্ৰ কুমাৰ পাণ্ডেক আৰক্ষীয়ে ইয়াৰ আগতে তিনিবাৰ মন্দিৰত মানুহৰ সমাগম বন্ধ কৰিবলৈ আহ্বান জনাইছিল। ১ এপ্ৰিলৰ দিনাও লকডাউন  নিয়ম ভংগ কৰি বহু মহিলা একত্ৰিত কৰাৰ বাবেই আৰক্ষীয়ে এই সকল লোকক আঁতৰাবলৈ বল প্ৰয়োগ কৰিবলৈ বাধ্য হৈছিল। এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই ৰীবাৰ IG চঞ্চল শেখৰে ৰাজকুমাৰ মিশ্ৰক Line Attach ( এক প্ৰকাৰৰ Suspension) কৰিছে। কেৱল মন্দিৰতে নহয়, লকডাউন পালন নকৰাৰ বাবে আৰক্ষী অধীক্ষক আবিদ খানে মছজিদৰ পৰা ৩৬ জন ব্যক্তিক আটক কৰিছিল। 
ছচিয়েল মিডিয়াত দেখা দিয়া হৈ-ছৈ ৰ বাবে এতিয়া চিভিল লাইন থানাৰ বিষয়া ৰাজকুমাৰ মিশ্ৰৰ এক প্ৰকাৰৰ Suspension ত যাব লগা হ’ল। 


Click here to like us on Facebook.

Get real time updates directly on you device, subscribe now.