Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

আজিৰ পৰা IPL2020: বিৰাট সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী, বলিঙত লাচিথ মালিংগা শীৰ্ষস্থানত

দ্য ষ্টেটমেন্ট : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(IPL)ৰ ১৩দশ সংস্কৰণ আজিৰ পৰা সংযুক্ত আৰৱ এমিৰেটছত অনুষ্ঠিত হ’ব ৷ ক’ৰ’ণা ভাইৰাছৰ বাবে এইবছৰৰ IPL ভাৰতত অনুষ্ঠিত নহ’ল আৰু এপ্ৰিল মাহৰ পৰিৱৰ্তে ছেপ্টেম্বৰ মাহলৈ পিছুওৱা হ’ল ৷ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আই পি এলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাৰ প্ৰথম স্থানত আছে ৷ আই পি এলৰ ইতিহাসত দুজনেই এনেকুৱা খেলুৱৈ আছে, যিয়ে ৫ হাজাৰতকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে ৷ একেদৰে শ্ৰী লংকাৰ বেগী বলাৰ লাচিথ মালিংগা সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাৰ প্ৰথমস্থানত আছে ৷ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত কোহলীৰ পিছতে আছে সুৰেশ ৰাইনা ৷ কিন্তু সুৰেশ ৰাইনাই এইবছৰ আই পি এলত অংশ নোলোৱা হেতুকে কোহলীয়ে শীৰ্ষস্থানৰ যাত্ৰা অব্যাহত ৰাখিব ৷ বিৰাট কোহলীয়ে ১৭৭ খন মেচৰ ১৬৯টা ইনিংছত ৫,৪১২ ৰাণ সংগ্ৰহ কৰিছে ৷ আইপিএলত কোহলীয় ৫টা শতক আৰু ৩৬টা অৰ্ধশতক সংগ্ৰহ কৰিছে ৷ সুৰেশ ৰাইনা কোহলীতকৈ ১৪ ৰাণত পিছপৰি আছে ৷ ১৯৩ খন মেচৰ ১৮৯টা ইনিংছত সুৰেশ ৰাইনাই সংগ্ৰহ কৰিছে ৫৩৯৮ ৰাণ ৷ ৰাইনাই এতিয়ালৈকে এটা শতক আৰু ৩৮টা অৰ্ধশতক স্কোৰ কৰিছে ৷ 

সৰ্বাধিক উইকেট: লাচিথ মালিংগাই ১২২ খন মেচত ১৭০টা উইকেটেৰে তালিকাৰ প্ৰথম স্থানত আছে ৷ তালিকাৰ দ্বিতীয় স্থানত আছে অমিত মিশ্ৰা ৷ তেওঁ এতিয়ালৈ ১৪৭ খন মেচত ১৫৭টা উইকেট দখল কৰিছে ৷ 
আজি সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰকিংছৰ মাজত এইবছৰৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব ৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.