Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

বিতৰ্কৰ আৱৰ্তত PMCARES সাহায্য পুঁজি

AMLANJYOTI DEWRY : PMCARES ফাণ্ড অৰ্থাৎ Prime Ministers’ Citizen Assistance and Relief in Emergency Situationsক লৈ বিতৰ্ক অব্যাহত আছে ৷ প্ৰশ্ন উত্থাপন হৈছে, যে দেশত PRIME MINISTERS NATIONAL RELIEF FUND বা PMNRF থাকোতেই আৰু এটা নতুন পুঁজি কিয় গঠন কৰা হ’ল। PMNRFৰ ৱেবচাইট পৰ্যবেক্ষণ কৰিলে গম পোৱা যায় যে ২০১৯ চনৰ হিচাপমতে PMNRF ত এতিয়াও প্ৰায় ৩৮০০ কোটি টকা জমা হৈ আছে৷

তাৰপিছত এই পুঁজিৰ সহায় ন’লৈ কৰণা মহামাৰীৰ বিৰুদ্ধে যুজিবলৈ দেশত PMCARES ফাণ্ডৰ আৰম্ভণি কৰা হ’ল৷ যোৱা ২৮ মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এই ফাণ্ড গঠন কৰা হয়৷ প্ৰধানমন্ত্ৰী এই ফাণ্ডৰ চেয়াৰপাৰ্চন তথা অন্যান্য কেবিনেট মন্ত্ৰীসকল ইয়াৰ ট্ৰাষ্টী৷  ইতিমধ্যে দেশৰ পুXজিপতি, উদ্যেগপতি, অভিনেতা, কলা কুশলী, ক্ৰীড়াবিদ, আনকি সাধাৰণ ৰাইজেও PMCARES পুXজিলৈ সাহায্য আগবঢ়াইছে৷ চৰকাৰে এই পুXজিত সহায় আগবঢ়াবলৈ মানুহক অনুৰোধ জনাইছে৷ Pmcares.gov.in নামেৰে ৱেবচাইট গঠন কৰা হৈছে৷ কিন্তু PMNRF ফাণ্ডত যেনেকৈ হিচাপ চাব পাৰি, PMCARES ফাণ্ডত সেয়া উপলদ্ধ নহয়৷ চৰকাৰী সূত্ৰৰ পৰা কোৱা হৈছে PMCARES পুঁজিত ইতিমধ্যে প্ৰায় ছহেজাৰ কোটি টকা জমা হৈছে৷ দেশৰ প্ৰখ্যাত লোকসকলে কোটি কোটি টকা প্ৰদান কৰা বাতৰিও প্ৰকাশ পাইছে৷

পূৰ্বৰ পৰা অব্যাহত থকা বিতৰ্কই এতিয়া নতুন মোৰ লৈছে৷ যোৱা ২১ এপ্ৰিল তাৰিখে নয়ডাৰ নিৱাসী তথা পৰিৱেশবিদ বিক্ৰান্ত টোগাড়ে তথ্য জনাৰ অধিকাৰ আইন বা RTI আইনৰ অধীনত PMCARES সম্বন্ধে জানিব বিচাৰিছিল৷ এই পুঁজিত কোটি কোটি টকা জমা হোৱাৰ পিছতো কিয় ভাৰতে বিশ্ববেংকৰ পৰা ঋণ লবলগীয়া হৈছে, তেওঁ RTI ৰ জৰিয়তে সেয়া প্ৰশ্ন কৰিছিল৷ মুঠ ১২ টা পইন্ট সাঙুৰি বিক্ৰান্ত টোগাড়ে ২১ এপ্ৰিলত RTI আৱেদন ফাইল কৰিলে৷ ২৭ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা উত্তৰ প্ৰদান কৰি কোৱা হ’ল যে তেওঁৰ আৱেদন সম্পৰ্কে কোনো উত্তৰ দিব পৰা নাযায়৷  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লগতে এইটোও কলে যে বিক্ৰান্ত টোগাড়ে কেইবাটাও বিষয় উত্থাপন কৰিছে, সেইবাবে উত্তৰ দিয়াৰ বাবে কৰ্তৃপক্ষ অপাৰগ ৷ PMCARES পুঁজিত জমা হোৱা টকাৰ তথ্য ৰাজহুৱা কৰাত চৰকাৰৰ আপত্তি ক’ত- এই কথাক লৈয়ে এতিয়া নতুন বিতৰ্কৰ সৃষ্টি হৈছে ৷ মাজতে আৰু এটা খবৰ প্ৰকাশ পাইছিল

দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক গোটে তেওঁলোকৰ দৰমহাৰ পৰা ৪ কোটি টকা PMNRF পুজিলৈ আগবঢ়াইছিল৷ উপাচাৰ্য যোগেশ ত্যাগীয়ে সেই টকাখিনি PMCARES পুজিলৈ ট্ৰান্সফাৰ কৰিছিল৷ তাৰপিছত বিশ্ববিদ্যালয়খনৰ শিক্ষকগোটে এই বিষয়টো লৈ প্ৰশ্ন উত্থাপন কৰিছিল৷ সময়ে সময়ে PMCARES পুজিক লৈ বিতৰ্ক অব্যাহত আছে যদিও মহামাৰীৰ সময়ত হোৱা দেশৰ জৰ্জৰিত পৰিস্থিতিৰ বাবে সেয়া ৰাজহুৱা কৰি কবলৈ কোনো আগবাঢ়ি অহা নাই৷ ৷ ভাৰতৰ সকলো বিত্তীয় হিচাপ পৰীক্ষাৰ বাবে Comptroller and Auditor General of India চমুকৈ কেগ বুলি বিভাগ এটা আছে৷ এই বিভাগক Supreme Audit Institution of India বুলিও কোৱা হয়৷

যোৱা সপ্তাহত দেশৰ আগশাৰীৰ সংবাদপত্ৰত প্ৰকাশ পাইছিল অন্য এটা খবৰ৷ PMCARES পুজিৰ হিচাপ কেগে পৰীক্ষা নকৰে৷ এক বিশেষ সূত্ৰৰ মতে, PMCARES পুজিৰ ট্ৰাষ্টীৰ দ্বাৰা নিয়োগ কৰা Independent Auditor য়ে PMCARES পুজিৰ হিচাপ পৰীক্ষা কৰিব৷

PMNRF পুজিও স্বত্ন্ত্ৰ হিচাপ পৰীক্ষকৰ দ্বাৰা যদিও পৰীক্ষা কৰা হয়, সেই পুজিৰ ব্যৱহাৰ সম্পৰ্কে কেগে কৰ্তৃপক্ষক প্ৰশ্ন কৰিব পাৰে৷ হাফিংটন পোষ্টৰ এক ৰিপোৰ্টমতে PMNRF পুজিৰ হিচাপ পৰীক্ষাৰ আংশিক দায়িত্ব কেগক অৰ্পণ কৰা হৈছে৷

  PMNRF ১৯৪৮ চনতে স্থাপন কৰা এটা পুঁজি৷ এই পুঁজিৰ অন্তৰ্গত সদস্যৰ ভিতৰত বিৰোধী দলৰ নেতাকো ৰখা হয়৷ কিন্তু PMCARES পুঁজিত  বিৰোধী দলৰ নেতা বা দেশৰ অন্য কোনো বিশেষজ্ঞক ৰখা হোৱা নাই৷ উচ্চতম ন্যায়ালয় উকীল সন্থাৰ সভাপতি জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত ডাৱে কৈছে যে এটা নতুন পুঁজি গঠন কৰাৰ প্ৰয়োজন নাছিল, গঠন যিহেতু কৰিলেই ইয়াৰ হিচাপ পৰীক্ষাৰ দায়িত্বও CAGৰ হাতত অৰ্পণ কৰা উচিত৷

অধিবক্তা দুষ্যন্ত দাৱেৰ মন্তব্যত একমত হৈ আমিও ক’ব খুজো যে PMCARES পুজিৰো হিচাপ পৰীক্ষাৰ দায়িত্ব কেগৰ ওপৰত অৰ্পণ কৰা হওঁক৷ অন্তত তেতিয়া হয়টো কিছু সন্দেহজনক প্ৰশ্নৰ উৰ্ধত থাকি চৰকাৰে সুচাৰুৰূপে কাম আগবঢ়াই নিব পাৰিব৷ সাহায্য পুঁজিত যদি কোটি কোটি টকা জমা হোৱা কথাটো সঁচা, তেন্তে এইসময়ত বিশ্ববেংকৰ পৰা ঋণ লোৱাটো উচিত আছিলনে! সাহায্য পুজিৰ টকাৰ হিচাপ ৰাজহুৱা কৰি অতি সোনকালে সেয়া জনসাধাৰণৰ কামৰ বাবে মোকলাই দিব লাগে৷

এইসম্পৰ্কে বিশদ প্ৰতিবেদন চাবলৈ তলৰ লিংকত ক্লিক কৰক-

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Get real time updates directly on you device, subscribe now.