Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

ৰাম মন্দিৰৰ চান্দা একগোট কৰাৰ পৰিৱৰ্তে চৰকাৰে পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰক: শিৱসেনা

দ্য ষ্টেটমেন্ট : দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ পিছতেই দেশৰ প্ৰায় সংখ্যক লোকে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। ছচিয়েল মিডিয়াত বহুতেই ২০১২-১৩ চনত পেট্ৰলৰ মূল্যবৃদ্ধিৰ সময়ত নৰেন্দ্ৰ মোদীয়ে কৰা পুৰণা টুইট শ্বেয়াৰ কৰি মোদী চৰকাৰক সমালোচনা কৰিছে।

সেই সময়তে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত মহাৰাষ্ট্ৰত শাসনত থকা শিৱসেনাই চৰকাৰক সমালোচনা কৰি কয় যে ৰাম মন্দিৰৰ বাবে চান্দা একগোট কৰাৰ পৰিৱৰ্তে চৰকাৰে সাধাৰণ জনতাক ৰেহাই দিবলৈ পেট্ৰল আৰু ডিজেলৰ দাম হ্ৰাস কৰিব লাগে। শিৱসেনাই পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত বলিউডৰ অভিনেতা সকল মৌন হৈ থকাক লৈও প্ৰশ্ন উত্থাপন কৰে। শিৱসেনাই  সামনাত লিখে যে “পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস পালে, এটা কথা সুনিশ্চিত হ’ব যে ভগৱান ৰামৰ ভক্তসকলে খাবলৈ পাইছে।”

শিৱসেনাই তৰফৰ পৰা কোৱা হৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাটো চৰকাৰৰ দায়িত্ব। ৰাম মন্দিৰৰ বাবে চান্দা একগোট কৰাৰ পৰিৱৰ্তে চৰকাৰে পেট্ৰল আৰু ডিজেলৰ দাম হ্ৰাস কৰিলে ভগৱান ৰামৰ ভক্তসকলে কিবা এটা খাবলৈ পাব আৰু তেতিয়াহে ভগৱান ৰাম সুখী হ’ব। শিৱসেনাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে এটা সময়ত পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰা বিজেপি এতিয়া কিয় মনে মনে আছে?

শিৱসেনাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাবে যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে এতিয়াও পুৰণা চৰকাৰেই জগৰীয়া। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হল যে আগৰ চৰকাৰ সমূহে স্থাপন কৰা ইণ্ডিয়ান অইল, অএনজিচি আৰু ভাৰত পেট্ৰলিয়ামৰ দৰে ৰাজহুৱা সম্পত্তি সমূহ মোদী চৰকাৰে বিক্ৰী কৰি আছে আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে এতিয়াও পুৰণা চৰকাৰেই জগৰীয়া কৰিছে।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.