Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

আঠটা বৃহৎ উদ্যোগৰ উৎপাদন হ্ৰাস, ক্ৰমাগতভাৱে ৭ মাহলৈ অব্যাহত মন্দাৱস্থা: চৰকাৰী ৰিপোৰ্ট

দ্য ষ্টেটমেন্ট : ক্ৰমাগতভাৱে সাতমাহ ধৰি দেশৰ আঠটা বৃহৎ উদ্যোগৰ উৎপাদন হ্ৰাস পাইছে৷ ছেপ্টেম্বৰ মাহৰ শেষত বাৰ্ষিক হিচাপত ০.৮ শতাংশ উৎপাদন ক্ষমতা হ্ৰাস পাইছে৷

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ছেপ্টেম্বৰ মাহত প্ৰধানকৈ কেঁচা তেল, প্ৰাকৃতিক গেছ, ৰিফাইনাৰী উদ্যোগ আৰু চিমেন্ট উদ্যোগৰ উৎপাদন ক্ষমতা হ্ৰাস পোৱাৰ বাবে বুনিয়াদী উদ্যোগৰ উৎপাদনত প্ৰভাৱ পৰিছে৷

অৱশ্যে, ছেপ্টেম্বৰ মাহত কয়লা, বিজুলী আৰু ইস্পাত উদ্যোগৰ উৎপাদনত কিছু বৃদ্ধি পৰিলক্ষিত হৈছে৷ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত অৰ্থাৎ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈ যোৱা বিত্তীয় বৰ্ষৰ তুলনাত আঠটা বৃহৎ উদ্যোগৰ উৎপাদন ক্ষমতা ১৪.৯ শতাংশ হ্ৰাস পাইছে৷

দেশৰ বৃহৎ গাড়ী নিৰ্মাতা কোম্পানী মাৰুটী ছুজুকী ইণ্ডিয়াৰ চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকত ২.০৪ শতাংশ লাভ বৃদ্ধি হৈছে৷ কোৱা হৈছে কেৱল মাৰুটী ছুজুকী ইণ্ডিয়াৰ বিক্ৰী বৃদ্ধি হোৱা বাবে অটোমোবাইল ক্ষেত্ৰত কিছু লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.