দ্য ষ্টেটমেন্ট : চতুৰ্থ টেষ্ট মেচৰ পঞ্চম দিনটোত ৩২৮ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি নতুন অভিলেখ স্থাপন কৰিলে ভাৰতীয় ক্ৰিকেট দলে৷ ২-১ৰ ব্যৱধানত অষ্ট্ৰেলিয়াক পৰাভূত কৰি ভাৰতীয় দলে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে৷
আজি পঞ্চম দিনৰ আৰম্ভণি টীম ইণ্ডিয়াৰ বাবে সুখকৰ নাছিল৷ ব্যক্তিগত ৭ ৰাণ স্ক’ৰ কৰিয়ে অপেনাৰ ৰোহিত শৰ্মা পেভিলিয়নমুখী হোৱাৰ পিছত একপ্ৰকাৰ আশংকাৰ সৃষ্টি হৈছিল৷ কিন্তু তেনে সময়তে উদীয়মান ক্ৰিকেটাৰ সুবমন গীল আৰু অভিজ্ঞ তথা নিৰ্ভৰযোগ্য বেটছমেন চেতেশ্বৰ পূজাৰাই ভাৰতীয় ইনিংছ চম্ভালে৷ সুবমন গীলে ৯১ ৰাণৰ এটা সুন্দৰ ইনিংছ খেলি পেভিলিয়নমুখী হয়৷ আজিংক্য ৰাহানে ক্ৰীজক বেছিসময় টিকি নাথাকিল৷ উইকেটকীপাৰ বেটছমেন ঋষভ পান্টে ৰাহানেৰ উইকেটৰ পতনৰ পিছত ইনিংছ চম্ভালে৷ উইকেটৰ এটা মূৰে চেতেশ্বৰ পূজাৰাৰ অপ্ৰতিৰোধ্য ডিফেন্স আৰু আনটো মূৰে ঋষভ পান্টৰ এটাৰ পিছত এটা চমকপ্ৰদ ষ্ট্ৰোক৷ খেল ড্ৰ হোৱাৰ আশংক কৰা টীম ইণ্ডিয়াই এইবাৰ জয়ৰ ক্ষণ গণিবলৈ আৰম্ভ কৰিলে৷ ১৯৬টা বলত হাফ-চেঞ্চুৰী সম্পূৰ্ণ কৰি চেতেশ্বৰ পূজাৰাই কেৱল ব্যক্তিগত ৰেকৰ্ডেই গঢ়া নাছিল, উইকেটৰ এটা মূৰে এখন দেৱাল হৈ থিয় দিছিল৷ যাৰফলত অষ্ট্ৰেলিয়ান বলাৰ উপায়ন্তৰ হৈ পৰিছিল৷
ব্যক্তিগত ৫৬ ৰাণত চেতেশ্বৰ পূজাৰা পেভিলিয়নমুখী হোৱাৰ পিছত সমস্ত দায়িত্ব কান্ধ পাতি লয় ঋষভ পান্টে৷ ১৩৮টা বলত ৮৯ ৰাণৰ অপৰাজিত ইনিংছ খেলি ঋষভ পান্টে টীম ইণ্ডিয়াক জয়ৰ সোৱাদ দিলে৷
ব্ৰীছবেনৰ গাব্বা ষ্টেডিয়ামত অষ্ট্ৰেলিয়া ক্ৰিকেট দলে ৩২ বছৰ ধৰি কোনো টেষ্টত পৰাজিত হোৱা নাছিল৷ আজি যেন অষ্ট্ৰেলিয়াৰ দৰ্প-চূৰ্ণ হ’ল৷ তৃতীয়বাৰলৈ ভাৰতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত জয়লাভ কৰিলে৷ অষ্ট্ৰেলিয়াৰ মাটিত ২০১৮ চনত ভাৰতে প্ৰথমবাৰ ৩-১ৰ ব্যৱধানত ছিৰিজ হস্তগত কৰিছিল৷ এতিয়ালৈকে অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতে মাত্ৰ দুটা টেষ্ট ছিৰিজহে জিকিবলৈ সক্ষম হৈছে৷ ১৯৯৬ চনৰ পৰা আৰম্ভ হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত ভাৰতে ১০ বাৰ জয়লাভ কৰিছে, তাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ৫ বাৰ ছিৰিজ দখল কৰিছে৷
টীম ইণ্ডিয়াৰ চমকপ্ৰদ বিজয়ৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দলক শুভেচ্ছা জনাই টুইট কৰিছে৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।