Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

কোভিড আক্রান্তৰ বাবে অক্সিজেনৰ অভাৱ: কিন্তু ভাৰতে ২১ বিত্তীয় বৰ্ষত ৰপ্তানি কৰিলে ৯৩০০ মেট্ৰিক টন অক্সিজেন

দ্য ষ্টেটমেন্ট: দেশত কোভিডৰ সংক্রমণ বৃদ্ধি হৈ অহাৰ লগে লগে সমগ্ৰ দেশতেই অক্সিজেনৰ অভাৱে দেখা দিছে। দেশৰ ৰাজধানী দিল্লীতো কৰ’ণাত আক্ৰান্তই অক্সিজেনৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। কিন্তু বৰ্তমান সময়ত কৰ’ণাত আক্ৰান্তই অক্সিজেনৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে চৰকাৰী তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতে প্ৰায় ৯,২৯৪ মেট্ৰিক টন অক্সিজেন বিদেশলৈ ৰপ্তানি কৰিছে।

মণিকনট্ৰলত প্ৰকাশ পোৱা বাতৰি অনুসৰি ২০২১ বিত্তীয় বৰ্ষত যোৱা দুটা বিত্তীয় বৰ্ষৰ তুলনাত সৰ্বাধিক অক্সিজেন ৰপ্তানি কৰা হৈছিল। ভাৰতে ২০১৬-১৭ ত সৰ্বাধিক ১৩,৮৪৪ মেট্ৰিক টন, ২০১৮-১৯ ত ৪২১৯ মেট্ৰিক টন আৰু ২০১৯-২০ ত ৩১৮৯ মেট্ৰিক টন অক্সিজেন ৰপ্তানি কৰিছিল আৰু বাংলাদেশে সৰ্বাধিক ৮,৮২৮ মেট্ৰিক টন অক্সিজেন আমদানি কৰিছিল।

 

উল্লেখ্য যে কোভিড আক্ৰান্তৰ সংখ্যা দেশত বৃদ্ধি হোৱাৰ লগে লগে অক্সিজেনৰ চাহিদা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰে ৫০০০০ মেট্ৰিক টন অক্সিজেন আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে নিবিদা জাৰি কৰাৰ কাম আৰম্ভ কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.