Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

মহাত্মা গান্ধীক পাকিস্তানৰ ৰাষ্ট্ৰপিতা আখ্যা দি বিজেপিৰ পৰা নিলম্বিত হোৱা নেতাক IIMCৰ অধ্যাপক পদত নিযুক্তি

দ্য ষ্টেটমেন্ট : মধ্য প্ৰদেশ বিজেপিৰ আইটি চেলৰ প্ৰাক্তন প্ৰমুখ অনিল কুমাৰ সৌমিত্ৰক ইণ্ডিয়ান ইনষ্টিটিউট অৱ্ মাচ কমিনিউকেচন(IIMC)ৰ প্ৰফেছৰ হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য যে যোৱা বছৰ ফেচবুকত লিখা এটা পোষ্টত সৌমিত্ৰই মহাত্মা গান্ধীক পাকিস্তানৰ ৰাষ্ট্ৰপিতা আখ্যা দিছিল। 

সৌমিত্ৰই ফেচবুক পোষ্টত লিখিছিল যে “তেওঁ ৰাষ্ট্ৰপিতা আছিল কিন্তু পাকিস্তানৰ। দেশৰ ওচৰত তেওঁৰ দৰে কোটি কোটি পুত্ৰ আছিল। কিছু পৰিপক্ক, কিছু অপৰিপক্ক।”

মহাত্মা গান্ধীক পাকিস্তানৰ ৰাষ্ট্ৰপিতা আখ্যা দি বিতৰ্কৰ সূচনা কৰাৰ পাছতেই বিজেপিয়ে তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰিছিল। সৌমিত্ৰক প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰি বিজেপিয়ে কৈছিল যে অনিল কুমাৰ সৌমিত্ৰৰ মন্তব্য দলৰ নীতি, বিচাৰ আৰু সিদ্ধান্তৰ বিৰুদ্ধে কৰা এটা মন্তব্য আৰু এই কথাই বিজেপিৰ চৰিত্ৰত আঘাত হানিছে। । 

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দেশৰ এখন প্ৰতিষ্ঠিত সাংবাদিকতাৰ প্ৰতিষ্ঠান IIMCত প্ৰফেছৰ পদৰ বাবে ৬০ জন লোকে সাক্ষাৎকাৰ প্ৰদান কৰিছিল আৰু ৬০ জনৰ সাক্ষাৎকাৰৰ পাছত ২৬ অক্টোবৰত  এটা আদেশৰ জৰিয়তে অনিল কুমাৰ সৌমিত্ৰক IIMCৰ প্ৰফেছৰ হিচাপে নিযুক্তি দিয়া হয়। অৱশ্যে IIMCয়ে ২০ অক্টোবৰতেই সৌমিত্ৰলৈ অফাৰ লেটাৰ প্ৰেৰণ কৰি যোগদানৰ পৰা দুবছৰ পৰ্যন্ত প্ৰবেচন পিৰিয়ডত থকাৰ কথা উল্লেখ কৰিছিল। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.