Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

সমস্যাৰ বাবে আন জগৰীয়া, কিন্তু পৰিস্থিতি ভাল হলে পুনৰ ভক্তসেনাৰ সৈতে ক্ৰেডিট ল’বলৈ আহিব: প্ৰশান্ত কিশোৰ

দ্য ষ্টেটমেন্ট: দেশৰ এগৰাকী প্ৰখ্যাত নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে দেশত দেখা দিয়া কৰ’ণা সংকটৰ সময়তে মোদী চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে। প্ৰশান্ত কিশোৰে টুইট কৰি কয় যে কৰ’ণাৰ যুদ্ধত জয়ী হোৱাৰ কথা কৈ মোদী চৰকাৰে বিশ্বাসঘাটকতা কৰিলে। তেওঁ লিখে যে দেশত কৰ’ণাৰ পৰিস্থিতি  ভাল হলে পুনৰ ভক্তসেনাৰ সৈতে প্ৰধানমন্ত্ৰী ক্ৰেডিট লবলৈ আহিব।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে মংগলবাৰে দেশক সম্বোধন কৰি দেশবাসীক সকলো ধৰণৰ কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাইছিল। কিন্তু সেই সম্বোধনৰ পিছতেই প্ৰশান্ত কিশোৰে টুইট কৰি লিখে যে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ’ণাক অৱজ্ঞা কৰি তেওঁ নিজৰ হেৰাই যোৱা দুৰদৃষ্টি আৰু নিজৰ বুদ্ধিৰ ক্ষমতাক লুকুৱাই ৰাখিব বিচাৰিছে।

প্ৰশান্ত কিশোৰে লিখে যে নিজৰ হেৰাই যোৱা দুৰদৃষ্টি আৰু নিজৰ বুদ্ধিৰ ক্ষমতাক লুকুৱাই ৰাখিবলৈ কৰ’ণাৰ সমস্যাক অৱজ্ঞা কৰিলে। কৰ’ণাৰ যুদ্ধত জয়ী হোৱাৰ কথা কৈ মোদী চৰকাৰে বিশ্বাসঘাটকতা কৰিলে। সমস্যা চলি থাকিলে আনক সেই সমস্যৰ বাবে জগৰীয়া কৰা হয় আৰু পৰিস্থিতি ভাল হলে পুনৰ ভক্তসেনাৰ হৈছে ক্ৰেডিট লবলৈ আহি যাব।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.