দ্য ষ্টেটমেন্ট : অক্ষয় কুমাৰ, কিয়াৰা আদৱনী অভিনীত ‘লক্ষ্মী বম্ব’ চিনেমাখন মুকলি হোৱাৰ পূৰ্বেই বিতৰ্কৰ সন্মুখীন হৈছে৷ চিনেমাখন ট্ৰেইলাৰ মুকলি কৰাৰ পিছতে একাংশ লোকে চিনেমাৰ কাহিনীক লৈ আপত্তি দৰ্শাইছে৷ ৰাষ্ট্ৰীয় হিন্দু সেনা নামৰ সংগঠনে জনাইছে যে চিনেমাখনে ধাৰ্মিক ভাৱনাক আঘাত কৰিছে৷ লগতে লাভ জেহাদক উদগনি জগোৱা বুলিও অভিযোগ উত্থাপন কৰিছে৷ সংগঠনটোৱে সূচনা তথা প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰক চিঠি লিখি চিনেমাখন বন্ধ কৰিবলৈ অনুৰোধ জনাইছে৷
হিন্দু সেনাৰ অধ্যক্ষ বিষ্ণু গুপ্তাই টুইটৰ জৰিয়তে চিঠিখন শ্বেয়াৰ কৰি লিখিছে-“হিন্দু দেৱী লক্ষ্মীক অপমান কৰাৰ বাবে ‘লক্ষ্মী বম্ব’ চিনেমাৰ প্ৰযোজক, পৰিচালক, অভিনেতাকে ধৰি জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷” চিঠিখনত লিখা হৈছে যে যদি চিনেমাখনৰ নাম সলনি কৰা নহয়, তেন্তে সংগঠনটোৰ কাৰ্যকৰ্তাই চিনেমা হলৰ বাহিৰত বিৰোধ প্ৰদৰ্শন কৰিব৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।