দ্য ষ্টেটমেন্ট : আমেৰিকাৰ বিখ্যাত বাইক নিৰ্মাতা কোম্পানী ‘হাৰ্লি ডেভিদছন’য়ে ভাৰতত নিজৰ ব্যৱসায়িক কাৰবাৰ সামৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কোম্পানীটোৱে কৈছে যে যোৱাবছৰত কোম্পানীটোৰ বিক্ৰী ২২ শতাংশ হ্ৰাস হৈছে৷ এনে এক পৰিস্থিতিত হাৰ্লিয়ে ভাৰত এৰাৰ সিদ্ধান্ত লৈছে৷ হাৰিয়ানাৰ বাবলত হাৰ্লি ডেভিদছনৰ এচেম্বলিং ইউনিটো আছিল৷ ২০১৯-২০ বিত্তীয় বৰ্ষত হাৰ্লি ডেভিদছনে মাত্ৰ ২,৬৭৬খন বাইকহে বিক্ৰী কৰিছে৷ বিগত চাৰিটা বছৰত ভাৰতৰ বজাৰ এৰা বিদেশী অটোমোবাইল কোম্পানীৰ তালিকাত ‘হাৰ্লি ডেভিদছন’ৰ নাম অন্তৰ্ভুক্ত হৈছে ৭ নম্বৰত৷ অৰ্থাৎ ইয়াৰ আগতে ৬টা অটোমোবাইল কোম্পানীয়ে ভাৰতৰ বজাৰ এৰিছে৷ সেইকেইটা হ’ল- জেনেৰল মটৰ্ছ, FIAT, Ssabgyong, Scania, MAN আৰু UM Motorcycles৷ এনে সময়তে প্ৰশ্নৰ উত্থাপন হয় যে বিশ্বৰ বিখ্যাত কোম্পানীসমূহে কিয় ভাৰতৰ পৰা প্ৰস্থান কৰিছে? অটো চেক্টৰৰ সৈতে জড়িত বিশেষজ্ঞৰ মতে, এই বিদেশী কোম্পানীসমূহে ভাৰতৰ বজাৰ আৰু ভাৰতীয় লোকৰ প্ৰয়োজনীয়তাক উপলদ্ধি কৰিব নোৱাৰিলে, যিটো মাৰুটী ছুজুকীয়ে অতি ভালদৰে বুজি পালে৷ সেইবাবে মাৰুটী ছুজুকীয়ে দীঘলীয়া সময় ধৰি ৫০ শতাংশ বজাৰত অংশীদাৰিত্ব বৰ্তাই ৰাখিছে৷ টয়টা মটৰ্ছ, ফোৰ্ড, ভক্সৱাগেন, ৰেনল্ট, নিশান আদি কোম্পানীও সময়ে সময়ে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, কাৰণ ভাৰতৰ বজাৰত সৰু কাৰৰ চাহিদা অধিক৷ এই কোম্পানীসমূহে ডাঙৰ আৰু ব্যয়বহুল কাৰ নিৰ্মাণ কৰে৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।