দ্য ষ্টেটমেন্ট : বিশ্বৰ ভিতৰতে ইণ্টাৰনেট চাৰ্চ ইঞ্জিনৰ সৰ্ববৃহৎ কোম্পানী গুগলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোম্পানীটোৰ ২ লাখ কৰ্মচাৰী আৰু অস্থায়ীভাৱে কাম কৰি থকা কৰ্মচাৰীসকলে ২০২১ চনৰ জুন মাহলৈকে ঘৰৰ পৰাই কাম কৰিব। এই সিদ্ধান্তৰ কথা সোমবাৰে ঘোষণা কৰে গুগুলৰ CEO সুন্দৰ পিচাইয়ে। কৰ’ণাৰ সংক্ৰমণৰ বাবে গুগলে এই বছৰ নিজৰ কাৰ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল যদিও বৰ্তমান সেই সময়সীমা অতিৰিক্ত ছমাহলৈ বৃদ্ধি কৰা হৈছে। কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা এটা ইমেইল বাৰ্তাত গুগলৰ CEO সুন্দৰ পিচাইয়ে লিখে “মই জানো যে এই সময়সীমা বৃদ্ধি কৰাক লৈ কৰ্মচাৰীৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ পাব। মই এটা কথা সুনিশ্চিত কৰিব বিচাৰিছোঁ যে আপোনালোকে নিজৰ ওপৰত চকু ৰাখক।” সুন্দৰ পিচাইৰ এই ঘোষণা সৰ্ব প্ৰথমে দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশ পাইছিল।
বহু লোকে কয় যে বিশ্বৰ বহু কেইটা বৃহৎ কোম্পানীয়ে কৰ’ণা ভাইৰাছৰ প্ৰভাৱৰ বাবে বহু দিনলৈকে নিজৰ কাৰ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত ল’ব পাৰে। মহামাৰীৰ সময়ত বিশ্বৰ বহু টেক’নলজী কোম্পানীয়ে অনলাইন প্ৰক্ৰিয়াৰে কাম অব্যাহত ৰাখিছে। উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ১১ মার্চত কৰ’ণা ভাইৰাছক মহামাৰী ঘোষণা কৰাৰ পাছতেই গুগলকে ধৰি বহু কোম্পানীয়ে কৰ্মচাৰী সকলক ঘৰৰ পৰা কাম কৰিবলৈ অনুমতি প্ৰদান কৰিছিল।
?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।