Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

দ্য ষ্টেটমেন্ট : “জেঠুৰ সৰুকৈ ষ্ট্ৰোক হৈছিল, ব্লাড ওলাইছিল কাণেৰে। মৰিগাঁওৰ পৰা ৰাতিয়েই গুৱাহাটীলৈ অনা হ’ল । অসমৰ এখন আগশাৰীৰ ব্যক্তিগত হস্পিটেল GNRC(চুপাৰ মাৰ্কেট)ত জেঠুক এডমিট কৰা হ’ল । মৰিগাঁওৰ পৰা গুৱাহাটীলৈ গোটেই ৰাস্তাটো কথা পাতি পাতিয়েই আহিছিল জেঠু। মাত্ৰ মূৰটো অকণ ঘূৰি থকা বুলি সময়ে সময়ে ইংগিত দিছিল লগত অহা দাদাজনক। এডমিট কৰালে ICUত। পিছদিনা ডাক্তৰৰ লগত সাক্ষাৎকাৰত তেওঁ কেইটামান পৰীক্ষা কৰিব দিছিল। ৰিপ’ৰ্ট আহিল পিছদিনা-‘সকলো নৰ্মেল আছে ঠিক হৈ যাব’, ডাক্তৰৰ মুখৰ পৰা শুনা এই কথাষাৰ বৰ সাহস ৰোগীৰ পৰিয়ালৰ বাবে। আমিও সাহস পালোঁ ।

জেঠুৰ ঘৰ শদিয়াত। বিশেষ কাম এটাৰ বাবে মৰিগাঁও আহিছিল।জেঠুৰ খবৰটো শুনিয়েই ৰাতি দাদা, বাইদেউ ৰাওনা হৈছিল শদিয়াৰ পৰা। ১৪ ঘণ্টাৰ এটা যাত্ৰা । মাত্ৰ এটাই সাহস ‘জেঠুৰ চিকিৎসা গুৱাহাটীত হৈছে, এখন আগশাৰীৰ হস্পিটেলত হৈছে।’ এইখিনিতে ভুল হ’ল আমাৰ।

এদিন দুদিনকৈ ১৪ দিন পাৰ হ’ল । ৰিলিজ দিয়াৰ নাম গোন্ধ নাই । ডাক্তৰক ৩-৪ দিনৰ পিছত লগ পোৱা হ’লো। ফোন নম্বৰ বিচাৰিলেও পাৰ্মিচন নাই। মাত্ৰ আমি জানিব বিচাৰিছিলো ঠিক কৰিব পাৰিব নে ? যদি নোৱাৰে বাহিৰত লৈ যোৱাৰ কথা ভবা হৈছিল। নাই একো ৰেচপঞ্চ নাই। মাত্ৰ বিলৰ হিচাপ, ICUৰ পৰা ঔষধৰ লিষ্ট আহি থাকিল।নাৰ্ছ সকলে ঠিকে আছে ঠিকে আছে বুলিয়েই জনাই থাকিল। আৰু আমিও বিশ্বাসত ৰৈ থাকিলো।

প্ৰায় এমাহ ৰাখিলে ICUত। সিহঁতৰ আদৰ যত্নৰ ফলত ৰোগীৰ ক’ফ বুকুত বহি গ’ল। শদিয়াৰ পৰা এটা পৰিয়াল আহি ইয়াত ৰুম লৈ ৰোগীক এমাহ সময় চোৱাচিতা কৰাৰ পিছতো এটা যদি পজিটিভ ৰিজাল্ট নাপায় হতাশ হোৱাটো স্বাভাৱিক ।

৫ লাখৰ ওপৰত বিল আৰু দিনে দিনে ৰোগীৰ শৰীৰৰ অৱনতি । ভাগৰি পৰিল গোটেই ঘৰ। মাত্ৰ এটাই শব্দ তেওঁলোকৰ-‘ভাল হ’ব ভাল হ’ব’। মুখেৰে কথা কৈ থকা ৰোগীক পাইপেৰে খাদ্য খুৱাব লগা অৱস্থা কৰি পেলালে। এদিন আবেলি যেতিয়া জেঠাই জেঠুক চাব গ’ল, দেখিলে জেঠুৰ মুখৰ ভিতৰখন গোটেই ঘাঁ । ডাক্তৰক সোধাত কৈছিল ,মেডিচিন খোৱা বাবে হৈছে, ঠিক হৈ যাব।

দেৰি হ’ল তথাপিওইমান কষ্টত জেঠুক চাব মনে আৰু নকয়।GNRC কৰ্তৃপক্ষৰ ভাষাত নিজৰ ৰিক্সত উলিয়াই লৈ যোৱা হ’ল ডিব্ৰুগড়। বিছনাত বহিব নোৱাৰা জেঠু ডিব্ৰুগড়ৰ হস্পিটেল খনত হুইল চকীত বহিব পৰা হ’ল। তেতিয়ালৈও বহুত দেৰি হ’ল বুলি ডাক্টৰজনে কৈছিল। গোটেই মুখ ইনফেক্সন ।

পৰহি ৰাতি জেঠু ঢুকাল।এখন কপালৰ সেন্দুৰ নোহোৱা হ’ল।পৰিয়াল এটাৰ সাহসৰ মূল গছডাল ভাঙি পৰিল।

GNRC চলাই থাকক এনেকৈ আপোনালোকৰ চিকিৎসা । ভুল আমাৰ , আপোনালোকে মতা নাছিল আমি নিজেই এটা আশাত আপোনালোকৰ ওচৰ চাপিছিলো।”

এই কথাখিনি দিম্পল কলিতাৰ ফেচবুক পোষ্টৰ পৰা হুবহু তুলি দিয়া হৈছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.