দ্য ষ্টেটমেন্ট : চিকিম, দেশৰ আটাইতকৈ সৰু ৰাজ্য ৷ চিকিমৰ সৌন্দৰ্য, স্বচ্ছতা আৰু পৰ্যটনক লৈ প্ৰায়ে চৰ্চা হয় ৷ কিন্তু এইবাৰ চৰ্চা হৈছে ছাত্ৰৰ দ্বাৰা সংঘটিত কাৰ্যক লৈ ৷ দৰাচলতে, পশ্চিম চিকিমত নিৰ্মাণ কৰা চৰকাৰী কলেজ, গেজিংগত ৪ জন ছাত্ৰক কলেজৰ পৰা নিলম্বন কৰা হৈছে ৷ কাৰণ ছাত্ৰসকলে আহ্বান জনাইছিল যে লেহেমীয়া গতিত নিৰ্মাণ হৈ থকা কলেজৰ বিল্ডিং তীব্ৰ গতিত নিৰ্মাণ হওঁক যাতে ঠাণ্ডাৰ বাবে হোৱা সমস্যাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পায় ৷ তেওঁলোকে নিজৰ বিচাৰ লৈ চিকিম চৰকাৰৰ শিক্ষামন্ত্ৰী মানৱ সংশোধন বিকাশ মন্ত্ৰালয়ৰ জেষ্ঠ্য অধিকাৰীক সাক্ষাৎ কৰাৰ চেষ্টা কৰিছিল ৷ কিন্তু শিক্ষা বিভাগৰ মুখ্য সচিব জি পি উপাধ্যায়ে আৰক্ষীৰ মাতি ছাত্ৰসকলক কাৰাগাৰলৈ পঠিয়ায় ৷ এতিয়া এই ঘটনাই সমগ্ৰ চিকিমতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷
প্ৰকৃত ঘটনা কি?
পশ্চিম চিকিমৰ চিকিম চৰকাৰী কলেজ, গেজিংগত অধ্যয়ন কৰা প্ৰায় ৩৫ গৰাকী শিক্ষাৰ্থীয়ে যোৱা ২ ফেব্ৰুৱাৰীত গ্যেংটকলৈ ৰাওনা হৈছিল ৷ তেওঁলোকে বিচাৰছিল যে কলেজ বিল্ডিঙৰ কাম তীব্ৰ গতিত সম্পন্ন হওঁক ৷ এই কথা অৱগত কৰিবলৈ তেওঁলোকে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী কুংগা নীমা লেপচাৰ পৰা মাত্ৰ ২০ মিনিট সময় বিচাৰিছিল ৷ এই সকলোবোৰ ছাত্ৰ আৰ্থিকভাৱে দুৰ্বল ৷ গেজিংগৰ পৰা গ্যেংটকৰ দূৰত্ব প্ৰায় ১২০ কি:মি:, এই দূৰত্ব তেওঁলোকে নিজে খৰচ বহন কৰি অতিক্ৰম কৰিছিল ৷ ২ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ছাত্ৰসকলে বাৰাম্বাৰ শিক্ষামন্ত্ৰীক লগ কৰিবলৈ বিচাৰিছিল যদিও সাক্ষাৎ কৰিব নোৱাৰিলে ৷ তেওঁলোকে কেৱল অতিৰিক্ত মুখ্য সচিব জি পি উপাধ্যায়ক সাক্ষাৎ কৰিবলৈ সক্ষম হয় ৷
STUDENTS OF SGC GEYZING DETAINED BY POLICE IN THE NIGHT The students of Sikkim Govt College, Gyalshing detained by…
Posted by Sikkim Progressive Youth Forum – SPYF on Friday, 5 February 2021
৫ ফেব্ৰুৱাৰীৰ ৰাতি ১০ বজাত হঠাতে আৰক্ষীয়ে ১৮ জন ছাত্ৰক গ্ৰেপ্তাৰ কৰে ৷ অতিৰিক্ত মুখ্য সচিবে দুজন ছাত্ৰ প্ৰবীণ উপ্ৰেতি আৰু প্ৰবীণ বিশনেটৰ বিৰুদ্ধে FIR দাখিল কৰে ৷ তেওঁলোকৰ ওপৰত IPCৰ ধাৰা ৩৪১, ৪৪৮, ৪৫২, ৩৫৩, ১৮৬ আৰু ৩৪ৰ ভিত্তিত গোচৰ ৰুজু কৰে ৷ ছাত্ৰসকলে দাবী কৰি কয়, “৬ ফেব্ৰুৱাৰীত আৰক্ষীয়ে দুয়োজন ছাত্ৰক আদালতলৈ নিয়ে কিন্তু হাজিৰ নকৰাকৈ থানাৰ পৰা জামিন দিয়ে ৷”
“ছাত্ৰকেইজনক হঠাতে নিলম্বন কৰা হয়”
জামিন লাভ কৰা ছাত্ৰ প্ৰবীণ উপ্ৰেতিয়ে কয়, “জামিন লাভ কৰাৰ পিছত কিছুদিনলৈ কলেজলৈ গৈছো ৷ কিন্তু হঠাত কলেজ প্ৰশাসনে ১৯ ফেব্ৰুৱাৰীৰ দিনৰ ২ বজাত কলেজৰ অধ্যক্ষক সাক্ষাৎ কৰিবলৈ মোৰ অভিভাৱকলৈ চিঠি প্ৰেৰণ কৰে ৷ ১৯ ফেব্ৰুৱাৰীত অধ্যক্ষৰ লগতে আন শিক্ষকো অভিভাৱকৰ লগত উপস্থিত আছিল ৷ কলেজ কৰ্তৃপক্ষই অভিভাৱকক কয় যে আপোনালোকৰ সন্তান আমাৰ নিয়ন্ত্ৰণত নাই ৷ আপোনালোকে তেওঁক লৈ যাওঁক ৷ আৰু আমি ৪ জন ছাত্ৰ প্ৰবীণ উপ্ৰেতী, প্ৰবীণ বিশনেট, লোকনাথ ছেত্ৰী, নকুল শৰ্মাক কলেজৰ পৰা নিলম্বন কৰিছো ৷ আমাৰ কথা নুশুনাকৈ তেওঁলোকে আমাক কলেজৰ পৰা উলিয়াই দিলে ৷ এয়া কেনেকুৱা ন্যায়? ২২ ফেব্ৰুৱাৰীত আমি কলেজলৈ গ’লো ৷ প্ৰায় ৬০ জন ছাত্ৰই কলেজ প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল ৷”
ছাত্ৰ দেশ বিৰোধী কামত লিপ্ত হৈছে: মুখ্যমন্ত্ৰী
পি এছ তামাংগে ৰাজ্যখনত চিকিম ক্ৰান্তিকৰী মৰ্চা আৰু ভাৰতীয় জনতা পাৰ্টীৰ জোঁটবন্ধন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ তেওঁ কয় যে ছাত্ৰসকলে ভুল কৰিছে আৰু চৰকাৰে নহয়, কলেজে তেওঁলোকক নিলম্বন কৰিছে ৷ যদি ছাত্ৰসকলে ক্ষমা বিচাৰে তেন্তে পুনৰ তেওঁলোকক কলেজলৈ উভতাই আনা হ’ব ৷
ইয়াৰ পূৰ্বে তামাংগে প্ৰবীণ উপ্ৰেতী আৰু প্ৰবীণ বিশনেটৰ ওপৰত দেশ বিৰোধী কামত চামিল হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ তামাংগে ৮ ফেব্ৰুৱাৰীত এটা ৰেলীত কয়,”এই ছাত্ৰসকল ২৬ জানুৱাৰীত লালকিল্লাত আছিল ৷ তাত তেওঁলোকৰ কি কাম আছিল? এওঁলোক দেশ বিৰোধী কামত জড়িত ৷” ছাত্ৰসকলে কয় যে কৃষক আন্দোলনত চামিল হ’বলৈ তেওঁলোক দিল্লীলৈ গৈছিল কিন্তু ২৬ জানুৱাৰীত চিকিমতে আছিল ৷ কাৰণ সেইদিনাই তেওঁলোকৰ সংগঠনৰ প্ৰতিষ্ঠা দিৱস আছিল ৷ চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত অভিযোগ উত্থাপন কৰি ছাত্ৰসকলে কয় যে তেওঁলোকে ভুৱা খৱৰ প্ৰচাৰ কৰি নিজৰ ভুল ঢাকিবলৈ চেষ্টা কৰিছে ৷
ছাত্ৰসকল দেশদ্ৰোহী: চৰকাৰ
চিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰবক্তা জেকৱ খালিংগ ৰায়ে এই ছাত্ৰসকলক দেশদ্ৰোহী আখ্যা দিয়ে ৷ তেওঁ কয়,”ছাত্ৰসকল কৃষকৰ আন্দোলনক কিয় গৈছিল? এনেকুৱা ভাৱ হয় যে তেওঁলোকে ইনোভা গাড়ীৰে চিকিমৰ পৰা সিংঘু সীমান্তলৈ গৈছিল ৷ তেওঁলোকক খৰচ কোনে দিছিল? এই ছাত্ৰসকল ২৬ জানুৱাৰীত লালকিল্লাত হোৱা হিংসাত্মক কাৰ্যত চামিল আছিল ৷ এওঁলোক দেশদ্ৰোহী আৰু চিকিমত হিংসাত্মক কাৰ্য সংঘটিত কৰি আছে ৷ মই অনুসন্ধানকাৰী সংস্থাক এইটো বিচাৰ কৰিবলৈ আহ্বান জনাওঁ যে ২৬ জানুৱাৰীত তেওঁলোক লালকিল্লাত আছিল নে নাই ৷”
কলেজ কৰ্তৃপক্ষই কি ক’লে?
গেজিংগ কলেজৰ অধ্যক্ষ কিশোৰ কুমাৰ ৰায়ে কয়, “কলেজৰ নিয়ম-কানুন আছে ৷ এই ছাত্ৰসকলে কলেজৰ নিয়ম-কানুন উলংঘা কৰিছে ৷ সেইবাবে তেওঁলোকক নিলম্বন কৰা হৈছে ৷”
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।