Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

ঠাণ্ডাৰ বাবেহে ৰন্ধন গেছৰ মূল্যবৃদ্ধি হৈছে, বতৰ সলনি হ’লে মূল্য হ্ৰাস পাব: ধৰ্মেন্দ্ৰ প্ৰধান

দ্য ষ্টেটমেন্ট: দেশত পেট্ৰল-ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্য তীব্ৰগতিত বৃদ্ধি পাইছে। কেৱল ২৮ দিনীয়া এই ফেব্ৰুৱাৰী মাহতেই ৰন্ধন গেছৰ মূল্য ১০০ টকা বৃদ্ধি হৈছে। দেশৰ সাধাৰণ নাগৰিক আৰু বিৰোধীদল সমূহে পেট্ৰল,ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে দেশৰ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শুক্ৰবাৰে  কয় যে ঠাণ্ডাৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে আৰু বতৰ সলনি হোৱাৰ লগে লগে এই মূল্য হ্ৰাস পাব।

দেশৰ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শুক্ৰবাৰে সাংবাদিকক জানিবলৈ দিয়ে যে “ঠাণ্ডাৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে আৰু বতৰ সলনি হোৱাৰ লগে লগে এই মূল্য হ্ৰাস পাব। এইটো এটা আন্তঃৰাষ্ট্ৰীয় বিষয়, যেতিয়াই ঠাণ্ডা হ্ৰাস পাব, তেতিয়াই গেছৰ দাম হ্ৰাস পাব। এতিয়া গেছৰ চাহিদা বৃদ্ধি হোৱাৰ বাবেই ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে।”

অৱশ্যে পেট্ৰল-ডিজেলৰ মূল্য দেশত কিয় বৃদ্ধি হৈছে, সেই প্ৰশ্নৰ তেওঁ কোনো উত্তৰ প্ৰদান নকৰিলে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.