দ্য ষ্টেটমেন্ট : অসমৰ ৰাজনীতিৰ অক্লান্ত যোদ্ধা, বিশ্ৰামহীন ৰণুৱা আদি বিভিন্ন বিশেষণ কেৱল এগৰাকী ৰাজনীতিকৰ ক্ষেত্ৰতেই প্ৰযোজ্য হয়৷ আজিও অসমৰ প্ৰতিগৰাকী নাগৰিকে বুকুত হাত থৈ ক’ব পাৰে- আপুনি তেওঁক ভাল নাপাব পাৰে, বেয়া পাওঁ বুলি কিন্তু ক’ব নোৱাৰে৷
তৰুণ গগৈ৷ নাম তৰুণ, ৰাজনীতিত তৰুণ, উদ্যমেৰে তৰুণ..তেৱেঁই চিৰতৰুণ৷ সদায়ে হাঁহিমুখীয়া, স্বভাৱসুলভ আৰু চৰ্চিত নাম তৰুণ গগৈ৷ শেষ ক্ষণলৈ তৰুণ গগৈৰ উদ্যম কমি যোৱা নাছিল৷ সৌ সিদিনা গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা মুকলি হোৱাৰ পৰতো একেই উৎসাহেৰে ৰাজ্যবাসীক কৈ গৈছিল- মই ঠিকেই আছো, মই ঘূৰি আহিছো!
মৃত্যু এক চিৰন্তন সত্য৷ বহু লোক জীয়াই থাকিও মৃত৷ জীৱনৰ সকলো আকাংক্ষা হেৰুৱাই মুক্তিৰ পথ বিচাৰাটোৱে তেওঁলোকৰ বাবে যেন প্ৰথম আৰু শেষ সংকল্প৷ বহু মানুহ আকৌ মৃত্যুৰ পিছতো অমৰ৷ মৃত্যুৱে হাতবাউলি দি মাতি থাকে, তথাপি যেন কৈ দিব পাৰে- এ: বাদ দিয়াহে! ৮৬ বছৰীয়া এগৰাকী বৃদ্ধ তৰুণ গগৈৰ প্ৰকাশভংগীত আপুনি হয়টো বাৰ্ধক্যৰ চিন নেদেখিলে৷ ৰাজ্যৰ ৰাজনীতিৰ দুৰন্ত সৈনিকজনক সেইবাবেই হয়তো চিৰতৰুণ বুলিয়ে সকলোৱে মৰম কৰে, কৰে শ্ৰদ্ধা৷
১৯৩৪ চনৰ ১১ অক্টোবৰত তেওঁৰ জন্ম৷ স্বাধীনতাৰ আগত জন্মগ্ৰহণ কৰা অসমৰ হয়টো আটাইতকৈ শেষৰগৰাকী মুখ্যমন্ত্ৰী হৈ থাকিব তৰুণ গগৈ৷ ৮৬ বছৰ বয়সত সক্ৰিয় ৰাজনীতিত অংশ লোৱা ব্যক্তিত্ব আঙুলিৰ মূৰত লেখিব পৰা৷ তৰুণ গগৈ ব্যতিক্ৰম৷ আনকি ২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক-মুহূৰ্ততো একেই প্ৰাসংগিক হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজন৷
১৯৬৭ চনত যোৰহাট মিউনিচিপালিটি ব’ৰ্ডৰ সদস্য হিচাপে প্ৰথমবাৰলৈ সামাজিক ক্ষেত্ৰত খোজ দিছিস তৰুণ গগৈয়ে৷ তাৰ আগতে যোৰহাটৰ জেবি কলেজৰ পৰা উচ্চ মাধ্যমিক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল৷ পঢ়া-শুনাক বৰ বিশেষ ৰাপ নাছিল কিন্তু মনত আছিল মানুহৰ বাবে কাম কৰাৰ ইচ্ছা৷ ১৯৭১ চনত যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ হৈছিল৷ যোৰহাট আৰু কলিয়াবৰৰ পৰা মুঠ ছবাৰ সাংসদ হৈছিল তৰুণ গগৈ৷ ১৯৯১ চনত কেন্দ্ৰীয় ৰাজ্যিক খাদ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ চম্ভালিছিল৷
২০০১ চনত কংগ্ৰেছে চৰকাৰ গঠন কৰে আৰু প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হয় তৰুণ গগৈ৷ ইতিমধ্যে গুপ্তহত্যা, দৰমহাবিহীন চৰকাৰী কৰ্মচাৰী, অশান্ত পৰিৱেশ, হিংসা আদিৰে জৰ্জৰিত হৈছিল অসম৷ তৰুণ গগৈয়ে অশান্ত অসমক কিছু শান্ত কৰিছিল৷ তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হিচাপে কি কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ আপুনি এনেদৰেও দিব পাৰে যে তেওঁ ক্ৰমাগতভাৱে তিনিটা কাৰ্যকাল মানে পোন্ধৰ বছৰ মুখ্যমন্ত্ৰী হৈ আছিল৷ গতিকে ৰাইজেই দেখিছে শুনিছে বা জানিছে তৰুণ গগৈয়ে কি কৰিছিল, কি কৰা নাছিল আৰু ৰাইজেই তাৰ প্ৰমাণ ৰাখি থৈছে৷
ক’ৰ’ণাত আক্ৰান্ত হৈ দীৰ্ঘসময় ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল৷ আজি তেওঁৰ মৃত্যুৰ বাতৰি পাই ৰাজ্যবাসীয়ে অশ্ৰুসিক্ত শ্ৰদ্ধা জ্ঞাপন কৰিছে৷ হয়টো এবাৰলৈ হ’লেও ভাবিছে- বাদ দিয়াহে বুলি কৈ পুনৰ ঠন ধৰি উঠিব তৰুণ গগৈ নামৰ সত্বাটো!
বিদায় তৰুণ গগৈ..বিদায় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী..
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।