Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

চৈফ আলী খান অভিনীত ৱেব চিৰিজ ‘তাণ্ডৱ’ৰ বিৰুদ্ধে এজাহাৰ, কেন্দ্ৰীয় চৰকাৰেও পঠিয়ালে নটিচ

দ্য ষ্টেটমেন্ট : অনলাইন প্লেটফৰ্ম আমাজন প্ৰাইমযোগে প্ৰচাৰিত ৱেব চিৰিজ ‘তাণ্ডৱ’ক লৈ সম্প্ৰতি ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে৷ ‘তাণ্ডৱ’ৰ সম্পূৰ্ণ টীমৰ বিৰুদ্ধে উত্তৰপ্ৰদেশত এজাহাৰ ৰুজু কৰা হৈছে৷ ধাৰ্মিক আৰু জাতিগত ভাৱনাক উচটনি দিয়া, সমাজত বিদ্বেষ বিয়পোৱা, শাসকীয় ব্যৱস্থাক ক্ষতি কৰা আদি নানা অভিযোগেৰে ‘তাণ্ডৱ’ৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰা হৈছে৷ 

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰেছ উপদেষ্টা তথা বিজেপি প্ৰৱক্তা শালভ মণি ত্ৰিপাঠীয়ে এজাহাৰৰ কপি টুইটাৰযোগে শ্বেয়াৰ কৰিছে৷ ইনফৰমেশ্যন এণ্ড টেকনলজি এক্ট সহিতে মুঠ ৬টা ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ এজাহাৰত উল্লেখ থকামতে, এমাজন ইণ্ডিয়াৰ কন্টেন্ট হেড অপৰ্ণা পুৰোহিত, তাণ্ডৱৰ পৰিচালক আলী আব্বাছ জাফৰ, প্ৰযোজক হিমাংশু কৃষ্ণ মেহৰা, লিখক গৌৰৱ চোলাংকী আৰু টীমৰ অন্য সদস্যসকলক অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে৷ 

ৱেব চিৰিজ ‘তাণ্ডৱ’ৰ যোগেদি হিন্দু দেৱ-দেৱীক অপমান কৰা হোৱা বুলি বিজেপিৰ কেইবাগৰাকীও নেতা আৰু সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আপত্তি দৰ্শাইছিল তথা ‘তাণ্ডৱ’ৰ সম্প্ৰচাৰ বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰে তাৰপিছতে এমাজন প্ৰাইমলৈ জাননী প্ৰেৰণ কৰি ১৮ জানুৱাৰীৰ ভিতৰত স্পষ্টীকৰণ বিচাৰিছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.