দ্য ষ্টেটমেন্ট : ২০২০ চনৰ ৯ নৱেম্বৰত তিনিচুকীয়া জিলাৰ কাকপথাৰত কৰ্তব্যৰত এজন আৰক্ষীক প্ৰহাৰ কৰি পলাতক হৈ থকা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক তেওঁৰ নিজৰ বাসগৃহৰ পৰাই অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য যে থানাৰ ভিতৰতে কৰ্তব্যৰত কাকপথাৰ থানাৰ উপ-পৰিদৰ্শক অপূৰ্ব বৰুৱাক প্ৰহাৰ কৰাক বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।ৰাজহুৱা সমালোচনাৰ পিছত কেৱল মানুহক দেখুৱাবলৈ বিজেপি দলেও দীপাঞ্জলি কাকতিক নিলম্বন কৰাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমলৈ বিবৃত্তি প্ৰদান কৰিলে।
কিন্তু শেষত গম পোৱা গ’ল যে বিজেপি দলে দীপাঞ্জলি কাকতিক নিলম্বন কৰাৰ কথা কেৱল এখন নাটকহে আছিল। নাটক এইকাৰণেই যে কাকপথাৰ থানাৰ উপ-পৰিদৰ্শকক থানাৰ ভিতৰতে প্ৰহাৰ কৰি পলাতক হৈ থকা দীপাঞ্জলি কাকতিক ৰাজ্য চৰকাৰে নৱগঠিত মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সদস্য হিচাপে নিযুক্তি দিছিল।
১৫ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সদস্যৰ তালিকাত ২১ নং স্থানত নাম লাভ কৰিছে পলাতক বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিয়ে।
অৱশেষত এই বিষয়ত বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত আৰু ৰাজহুৱা সমালোচনাৰ ফলত আৰক্ষীয়ে বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক তেওঁৰ নিজৰ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিছে।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।