দ্য ষ্টেটমেন্ট : দিল্লীৰ সিংঘু বৰ্ডাৰত মোদী চৰকাৰে গৃহীত কৰা তিনিখনকৈ আইনৰ বিৰুদ্ধে দেশৰ কৃষকসকলে সাব্যস্ত কৰা আন্দোলনলৈ বিদেশৰ বহু চেলিব্ৰিটিয়ে সমৰ্থন আগবঢ়াইছে। ৰিহানাকে ধৰি বিদেশৰ বহু জনপ্ৰিয় চেলিব্ৰিটিয়ে কৃষক আন্দোলনলৈ সমৰ্থন আগবঢ়োৱাৰ পিছত এইবাৰ আমেৰিকাৰ সৰ্ববৃহৎ ক্ৰীড়া ইভেণ্ট চুপাৰ বল (Super Bowl)ত কৃষক আন্দোলনৰ সমৰ্থনত ৩০ ছেকেণ্ডৰ বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে।
উল্লেখ্য যে আমেৰিকাৰ সৰ্ববৃহৎ ক্ৰিয়া ইভেণ্ট চুপাৰ বল (Super Bowl)ত প্ৰচাৰ হোৱা কৃষক আন্দোলনৰ সমৰ্থনত ৩০ ছেকেণ্ডৰ বিজ্ঞাপনত দিল্লীৰ সীমাত প্ৰদৰ্শন অব্যাহত ৰখা কৃষকৰ উপৰিও ৰিহানাৰ নামো উল্লেখ কৰা হৈছে। তাৰ উপৰিও কৃষক আন্দোলনলৈ সমৰ্থন আগবঢ়োৱা আমেৰিকাৰ কেলিফোৰ্নিয়াৰ পাঁচখন চহৰৰ ভিতৰৰ এখন ‘চিটি অফ ফ্ৰেছনো’ৰ মেয়ৰ জুডী ডায়ৰ নামো উল্লেখ কৰা হৈছে।
টিভি ৰেটিং এজেঞ্চি নিলচনৰ তথ্য অনুসৰি, আমেৰিকাৰ সৰ্ববৃহৎ ক্ৰিয়া ইভেণ্ট চুপাৰ বল (Super Bowl)ৰ এটা দিনৰ কায্যসূচী প্ৰায় ১১.৭ কোটিতকৈ অধিক লোকে প্রত্যক্ষ কৰে। কোৱা হৈছে যে এই ইভেণ্টৰ কেৱল ব্ৰডকাষ্ট ৰাইটছৰ পৰাই ১৪ হাজাৰ কোটি টকাতকৈ অধিক টকা আয় কৰা হয় আৰু এই ইভেণ্টত ৩০ চেকেণ্ডৰ এটা বিজ্ঞাপনৰ বাবে ৫.৫ মিলিয়ন অৰ্থাৎ প্ৰায় ৪০ কোটি টকা খৰচ হয়।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।