Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

ক’ৰণা সম্পৰ্কীয় ভাইৰেল হোৱা উপন্যাসখনৰ কথা সঁচা নে?

AMLANJYOTI DEWRY:

এখন কিতাপ

নাম-THE EYES OF DARKNESS 

লিখক-ডীন কুঁটজ্ (Dean Koontz)

প্ৰকাশিত চন– ১৯৮১

ছ’চিয়েল মিডিয়াত এখন কিতাপৰ এটা পৃষ্ঠা খুব ভাইৰেল হৈছে৷ ৱাটছ্ এপ, ফেচবুক আনকি টুইটাৰযোগেও বহুতে কিতাপখনৰ এই পৃষ্ঠাটো আপলোড কৰি কৈছে যে ১৯৮১ চনত প্ৰকাশিত কিতাপ এখনত ক’ৰণা ভাইৰাছৰ কথা লিখি থৈ গৈছে৷ ১৯৮১ চনতে আমেৰিকান লিখক ডীন কুঁটজে ক’ৰণাৰ ভৱিষ্যতবাণী কৰিছিল বুলি কোৱা হৈছে৷ 

ভাইৰেল হোৱা পোষ্টটোৰ মতে The Eyes of Darkness নামৰ কিতাপখনৰ ৩৫৩ নং পৃষ্ঠাত লিখা আছে ক’ৰণা ভাইৰাছৰ কথা৷ এই পোষ্টটো দেখি বিশেষ একো নাভাবি সকলোৱে পাৰ্যমানে শ্বেয়াৰো কৰিছে৷ কোৱা হৈছে ” ক’ৰণা ভাইৰাছ চীন দেশৰ য়ুহান চহৰৰ পৰীক্ষাগাৰ এটাত গোপনকৈ বনোৱা হৈছে৷ চীনে এই ভাইৰাছটো জৈৱ-বৈজ্ঞানিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে৷ নিজৰ দেশৰ দুখীয়া মানুহৰ সংখ্যা কমাবলৈ চীনে ভাইৰাছবিধ এৰি দিছে আৰু ইয়াৰ জৰিয়তে চীনক ‘ছুপাৰ পাৱাৰ’ হ’বলৈ সুবিধা হ’ব৷”অৱশ্যে কিতাপখনত ভাইৰাছবিধৰ নাম ‘য়ুহান ৪০০ ‘ বুলি লিখা হৈছে৷ ছ’চিয়ল মিডিয়াত কোৱা হৈছে এই ভাইৰাছৰ প্ৰয়োগেৰেই ২০২০ চনত চীনে ত্ৰাসৰ সৃষ্টি কৰিছে৷

আমি কিছু তথ্য গোটাই গম পালো যে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই পোষ্টটো সম্পূৰ্ণ শুদ্ধ নহয়৷ নিউজ এজেন্সী ‘ৰয়টাৰ্ছ’ৰ খবৰমতে এইটো কথা সঁচা যে ডীন কুঁটজে উপন্যাসখনত ‘য়ুহান ৪০০’ ভাইৰাছৰ কথা উল্লেখ কৰিছে৷ চীনৰ য়ুহান চহৰৰ পৰাই ক’ৰণা মহামাৰীৰ বিভীষিকা আৰম্ভ হৈছিল৷ কিন্তু কিতাপখনত তেওঁ ভাইৰাছবিধৰ যি লক্ষণৰ কথা লিখিছে, সেয়া COVID19ৰ স’তে একদমেই নিমিলে৷ কিতাপখনত লিখামতে য়ুহান ৪০০ ভাইৰাছবিধ চীনৰ য়ুহানৰ পৰীক্ষাগাৰ এটাত গোপনকৈ নিৰ্মাণ কৰা হৈছে৷ ইয়াক চীনে বৃহত্তম জৈৱিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব৷ কিন্তু ক’ৰণা ভাইৰাছ পৰীক্ষাগাৰত নিৰ্মিত ভাইৰাছ বুলি এতিয়ালৈ কোনো তথ্য পোহৰলৈ অহা নাই৷ ৰয়টাৰ্ছৰ ৰিপোৰ্টৰ মতে, যোৱাবছৰ য়ুহানৰ খাদ্য মাৰ্কেটৰ পৰা এই ভাইৰাছৰ সংক্ৰমণ হয়৷ এই বজাৰখনত বনৰীয়া জীৱ-জন্তুৰ অবৈধ বেহা চলে৷ অইন জীৱ-জন্তুৰ পৰা বাদুলিৰ জৰিয়তে ভাইৰাছবিধ মানুহৰ দেহত প্ৰৱেশ কৰিলে৷ 

লক্ষণ আৰু মৃত্যু সম্ভাৱনা-

কুঁটজৰ কিতাপখনৰ মতে ‘য়ুহান ৪০০’ ভাইৰাছ সংক্ৰমিত লোকৰ মৃত্যু হোৱাতো ১০০ শতাংশ নিশ্চিত৷ কিন্তু ক’ৰণা ভাইৰাছ এনেকুৱা নহয়৷ আনকি য়ুহানতেই ক’ৰণা সংক্ৰমিত লোকৰ মৃত্যু সম্ভাৱনা ২ৰ পৰা ৪ শতাংশহে মাত্ৰ৷ য়ুহানৰ বাহিৰত এই হাৰ ০.৪ ৰ পৰা ০.৭ শতাংশ৷ 
কুঁটজে কিতাপখনত ‘য়ুহান ৪০০’ ৰ লক্ষণৰ বিষয়ে লিখা কথাখিনিও ক’ৰণা সংক্ৰমণৰ লক্ষণৰ স’তে মিল নথকা৷ কুঁটজৰ মতে ভাইৰাছবিধৰ সংক্ৰমণে মগজু নষ্ট কৰি পেলায় আৰু মানুহৰ মৃত্যু হয়৷ ভাইৰাছৰ সংক্ৰমণৰ ১২ ৰ পৰা ১৪ ঘন্টাৰ ভিতৰত মানুহৰ মৃত্যু হয়৷ কিন্তু ক’ৰণা ভাইৰাছৰ ক্ষেত্ৰত এনে নহয়৷ লাহে লাহে লক্ষণবিলাক স্পষ্ট হয় আৰু আৰোগ্য হোৱাৰ সম্ভাৱনাও সম্পূৰ্ণ থাকে৷

কুঁটজৰ কিতাপখনৰ অন্য এটা ৰহস্যময় দিশ হ’ল ১৯৮১ চনত কিতাপখন প্ৰকাশ হওঁতে ভাইৰাছবিধৰ নাম ‘য়ুহান ৪০০’ নাছিল৷ প্ৰথম প্ৰকাশত ভাইৰাছবিধৰ নাম আছিল ‘গোৰ্কী ৪০০’৷ ১৯৮৯ চনত শীতল যুদ্ধৰ সামৰণিত উপন্যাসখনৰ দ্বিতীয় সংস্কৰণ  প্ৰকাশ হয় আৰু তেতিয়াই ভাইৰাছবিধৰ নামো ‘গোৰ্কী ৪০০’ ৰ ঠাইত ‘য়ুহান ৪০০’ ৰখা হয়৷

এইখিনি কথা ভালদৰে জানিবলৈ আপুনি ইয়াত ক্লিক কৰিব পাৰে৷ উল্লেখযোগ্য  কিতাপখনৰ লিখক ডীন কুঁটজে The Eyes of Darknessত তেওঁৰ ছদ্মনাম Leigh Nichols হে ব্যৱহাৰ কৰিছিল৷ 


ফলাফল: The Statement Fact Checkত আজি আমি আপোনালোকক জনালো যে ছচিয়েল মিডিয়াত চৰ্চিত হৈ থকা The Eyes of Darkness সম্বন্ধীয় সম্পূৰ্ণ তথ্য সঁচা নহয়৷ বিশেষকৈ ভাইৰাছবিধ পৰীক্ষাগাৰত নিৰ্মিত বুলি কোৱা কথাখিনি আৰু ভাইৰাছবিধৰ সংক্ৰমণ আৰু লক্ষণৰ কথাখিনি একেবাৰেই সঁচা নহয়৷ গতিকে,  যিকোনো কথা ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগত আমি সাৱধান হোৱাটো অত্যন্তই দৰকাৰী৷

 
আপোনাৰ ওচৰতো এনে কোনো খবৰ থাকিলে আমাক মেইল কৰিব পাৰে – [email protected]


Click here to like us on Facebook.

Get real time updates directly on you device, subscribe now.