Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

Fact Check: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা ৰীৱাৰ সৌৰশক্তি প্ৰজেক্ট এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ হয়নে?

দ্য ষ্টেটমেন্ট : ১০ জুলাই তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মধ্যপ্ৰদেশৰ ৰীৱাস্থিত ৭৫০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তিৰ প্ৰজেক্ট এটা মুকলি কৰে৷ মুকলি কৰি প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মধ্যপ্ৰদেশৰ এই সৌৰশক্তি প্ৰজেক্ট এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ৷

তাৰপিছত কেইবাগৰাকীও বিজেপি নেতাই টুইট কৰিও ক’লে যে মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা সৌৰশক্তি প্ৰজেক্ট এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰজেক্ট৷ 

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক ৰিপোৰ্টমতে এছিয়া মহাদেশত ৰীৱাতকৈ ডাঙৰ আৰু ৭ টা সৌৰশক্তি প্ৰজেক্ট আছে৷ কৰ্ণাটকৰ কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰেও টুইট কৰি বিজেপিৰ এই দাবী ভুৱা বুলি জনালে৷ “বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে ৭৫০ মেগাৱাট ক্ষমতাসম্পন্ন এছিয়াৰ আটাইতকৈ ডাঙৰ সৌৰশক্তি প্ৰজেক্ট মুকলি কৰা হ’ল৷ কিন্তু তাৰ আগতে ২০১৮ চনত কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰজেক্ট নিৰ্মাণ কৰিছিল আৰু সেয়া এতিয়াও কাৰ্যক্ষম হৈ আছে৷”-ডি কে শিৱকুমাৰে কয়৷

তেতিয়া শিৱকুমাৰ শক্তিমন্ত্ৰী আছিল আৰু কৰ্ণাটকৰ পাভগৰা সৌৰশক্তি প্ৰজেক্ট নিৰ্মাণৰ নেতৃত্ব গ্ৰহণ কৰিছিল৷ ২০২০ চনৰে ১৯ জানুৱাৰী তাৰিখে বৰ্তমানৰ বিজেপি চৰকাৰৰ ৰেলমন্ত্ৰী পিয়ুস গোয়েলে পাভগৰা সৌৰশক্তি প্ৰজেক্টৰ কথাৰে টুইটো কৰিছিল৷

কৰ্ণাটক চৰকাৰৰ তথ্যমতে, পাভগৰা সৌৰশক্তি প্লান্টৰ মাটিকালি ১৩০০০ একৰ৷  মধ্যপ্ৰদেশ চৰকাৰৰ তথ্যমতে, ৰীৱা সৌৰশক্তি প্লান্টৰ মাটিকালি ১৫৯০ একৰ৷ 

এছিয়া মহাদেশত ৰীৱা সৌৰশক্তি প্ৰজেক্টতকৈ ডাঙৰ সৌৰশক্তি প্ৰজেক্ট আছে-

১) ভাডলা সৌৰশক্তি পাৰ্ক – ২২৫০ মেগাৱাট, ৰাজস্থান

২) শক্তি স্থলা সৌৰশক্তি প্ৰজেক্ট- ২০৫০ মেগাৱাট, কৰ্ণাটক

৩) আল্ট্ৰা মেগা সৌৰ পাৰ্ক- ১০০০ মেগাৱাট, অন্ধ্ৰপ্ৰদেশ

৪) লগয়াংজিয়া ডেম সৌৰ পাৰ্ক- ৮৫০ মেগাৱাট, চীন

৫) ডাটোঙ সৌৰশক্তি পাৰ্ক- ১০০০ মেগাৱাট, চীন

৬) নুৰ সৌৰ পাৰ্ক- ১১১৭ মেগাৱাট, আবু ঢাবি

৭) টেংগেৰ ডেজাৰ্ট সৌৰ পাৰ্ক – ১৫০০ মেগাৱাট, চীন

গতিকে, নৰেন্দ্ৰ মোডীকে ধৰি বিজেপি চৰকাৰে দাবী কৰামতে মধ্যপ্ৰদেশৰ ৰীৱাৰ সৌৰশক্তি প্ৰজেক্ট এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট নহয়৷

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.