Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ড’নাল্ড ট্ৰাম্প একমাত্ৰ ব্যক্তি যিয়ে এই ৩বিধ ঔষধ লাভ কৰিছে

দ্য ষ্টেটমেন্ট : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প বিশ্বৰ একমাত্ৰ ব্যক্তি যিয়ে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত শুশ্ৰূষা কৰিবলৈ ৩বিধ বেলেগ ঔষধ দিয়া হৈছে ৷ এই ৩বিধ ঔষধত Remdesivir, Dexamethasoneৰ লগত Regeneron কোম্পানীৰ এণ্টিবডি থেৰাপীও দিয়া হৈছে ৷ CNNয়ে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কৈছে যে ইয়াৰ ভিতৰত এনেকুৱা কিছু ট্ৰিটমেণ্ট কৰা হৈছে যিবোৰ সাধাৰণ মানুহৰ বাবে উপলব্ধ নহয় ৷ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুক্ৰবাৰে ক’ৰোণা পজিটিভ পোৱা গৈছিল আৰু সোমবাৰে তেওঁ টুইট কৰি কৈছিল যে ‘তেওঁ ২০ বছৰ আগৰ নিচিনা সুস্থ অনুভৱ কৰিছে’ ৷ ট্ৰাম্পক হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত এণ্টিবডি থেৰাপি দিয়া হৈছে ৷ যাৰ দ্বাৰা ক’ৰোণা ভাইৰাছৰ গভীৰতা কম কৰিব পাৰি ৷ খৱৰ অনুসৰি, ট্ৰাম্পৰ চিকিৎসকৰ অনুৰোধত এই ঔষধ উপলব্ধ কৰোৱা হৈছে ৷ প্ৰশ্ন উত্থাপন হৈছে, যেতিয়া আমেৰিকাৰ লাখ লাখ মানুহ ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল তেতিয়া কিয় এই ঔষধ ব্যৱহাৰৰ অনুমতি দিয়া হোৱা নাছিল? আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প সেনা চিকিৎসালয়ত ৪ দিন কটোৱাৰ পিছত সোমবাৰে হোৱাইট হাউচলৈ আহে ৷ তেওঁ কয় যে ভাইৰাছক লৈ ভয় নাখাব আৰু জীৱনৰ ওচৰত পৰাজয় বৰণ নকৰিব ৷ বৰ্তমান ট্ৰাম্প সুস্থ ৷ সাংবাদিকক তেওঁ হাত মিলাই অভিবাদন জ্ঞাপন কৰে ৷ ৰাষ্ট্ৰপতিয়ে হোৱাইট হাউচৰ বেলকনিত নিজৰ মাস্ক খুলি দিয়ে , য’ত কৰ্মচাৰী আৰু সহযোগীৰ ক’ৰোণা পজিটিভ পোৱা গৈছে ৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.