দ্য ষ্টেটমেন্ট : মঙলবাৰে দিল্লীৰ এখন আদালতে ২২ বছৰীয়া পৰিৱেশকৰ্মী দিশা ৰবিক জামিন প্ৰদান কৰিছে৷ চুইডেনৰ পৰিৱেশবিদ গ্ৰেটা থুনবাৰ্গৰ টুলকিট সংক্ৰান্তীয় ঘটনাত যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখে দিশা ৰবিক বাংগালোৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷
আজি পাটিয়ালা হাউচ কোৰ্টৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই দিশা ৰবিক জামিন প্ৰদান কৰে৷ তাৰ আগতে চীফ মেট্ৰপলিটান মেজিষ্ট্ৰেটৰ সন্মুখত দিশা ৰবিক হাজিৰ কৰোৱা হৈছিল আৰু মেজিষ্ট্ৰেট পংকজ শৰ্মাই ৪ দিনৰ পুলিচ জিম্মাৰ আবেদন অগ্ৰাহ্য কৰে৷
লাইভ ল’ত প্ৰকাশিত খবৰ অনুসৰি আজি পাটিয়ালা হাউচ কোৰ্টে ৩ ঘন্টাজুৰি শুনানি গ্ৰহণ কৰে আৰু দিল্লী আৰক্ষীক টুলকিট আৰু ২৬ জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰে৷ ২৬ জানুৱাৰীৰ হিংসাত্মক ঘটনাত দিশা ৰবিৰ প্ৰত্যক্ষ যোগাযোগ দিল্লী আৰক্ষীয়ে সাব্যস্ত কৰিব নোৱাৰিলে, যাৰবাবে দিশা ৰবিক আজি জামিন প্ৰদান কৰা হয়৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।