Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

তবলীগী জামাতৰ মৌলানা চাদে কোৰোণা সাহাৰ্য্য পুঁজিত ১ কোটি টকা দিছে নেকি?

NANDITA DEKA : ছচিয়েল মিডিয়াত এখন বাতৰি কাকতৰ কিয়দাংশ ভাইৰেল হৈ আছে ৷ বাতৰি কাকত খনৰ নাম “News Letter” ৷ ইয়াত কোৱা হৈছে যে তবলীগী জামাতৰ মুখিয়াল মৌলানা চাদ কান্ধলৱীয়ে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰধানমন্ত্ৰীৰ পুঁজিত ১ কোটি টকা জমা দিছে ৷

মাৰ্চত নিজামুদ্দীনত হোৱা কাৰ্যক্ৰমত চামিল হোৱা লোক কোৰোণাত আক্ৰান্ত হোৱা ঘটনা পোহৰলৈ আহিছিল ৷ আকীক উল্লাহ ফৌজীয়ে ফেচবুকত বাতৰিৰ অংশ আপলোড কৰি লিখিছে, মৌলানা চাদ চাহাবে যোৱা ২৮ মাৰ্চত প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিত ১ কোটি টকা দান কৰিছে ৷

যেতিয়া তেওঁক সোধা হৈছিল যে তেওঁ কিয় এই কথা ৰাজহুৱা কৰা নাই তেতিয়া তেওঁ কৈছিল, ইছলাম  ধৰ্মই দেখুৱাই দান দিয়াৰ অনুমতি দিয়া নাই ৷ ইণ্টাৰনেটত চাৰ্চ কৰাত এনেকুৱা কোনো ধৰণৰ কথা পোৱা নাই ৷ ৬ এপ্ৰিলৰ ৰিপোৰ্ট অনুসৰি মৌলানা চাদে দিল্লী পুলিচৰ ক্ৰাইম ব্ৰাঞ্চৰ ২৬টা প্ৰশ্নৰ অৰ্থহীন উত্তৰ দিছে ৷ 

বাতৰি কাকতৰ ভাইৰেল হোৱা অংশৰ অনুসন্ধান চলোৱা হৈছিল ৷ ‘The News Letter’ৰ মুখ্য কাৰ্যালয় বেলফাষ্টত অৱস্থিত ৷ ইয়াৰ আৰম্ভণি ১৭৩৭ চনত হৈছিল ৷ এই বাতৰিকাকতৰ ৱেবচাইটত মৌলানা চাদৰ কোনো ধৰণৰ বাতৰি প্ৰকাশ হোৱা নাই ৷ বাতৰিকাকত খনৰ ফেচবুক পেজতো এনেকুৱা কোনো বাতৰি নাই ৷ কিন্তু তাত ২০১৯ চনৰ ৬ জুনৰ কাকত খনৰ সন্মুখৰ পৃষ্ঠাটো আছে ৷ আৰু সেই পৃষ্ঠাটোৰ সৈতে মৌলানা চাদৰ ভাইৰেল হোৱা পেপাৰ কাটৰ যথেষ্ট মিল আছে ৷ পৃষ্ঠাটোৰ সোঁফালে তলত প্ৰকাশিত খৱৰৰ সৈতে হুবহু মিল আছে মৌলানা চাদৰ বাতৰিৰ সৈতে ৷

Here's a look at the front page of today's News Letter. Stay with us for all the latest news and sport throughout the day.

News Letter ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಬುಧವಾರ, ಜೂನ್ 5, 2019

কিন্তু প্ৰধান খৱৰ আৰু হেডলাইনত খেলিমেলি হ’ল ৷ ইয়াৰ পৰা গম পোৱা যায় ভাইৰেল হোৱা পেপাৰ কাটিং ফটোশ্বপ কৰা হৈছে ৷ প্ৰকৃত ফটোখন ২০১৯ চনৰ ৬ জুনৰ ৷ আৰু তেতিয়া কোনোধৰণৰ কোৰোণা ভাইৰাছ অহা নাছিল ৷ কোৰোণা ভাইৰাছৰ আৰম্ভণি ২০১৯ চনৰ ডিচেম্বৰ মাহত হৈছিল ৷ মৌলানা চাদে প্ৰধানমন্ত্ৰীৰ পুঁজিত কোনোধৰণৰ সাহাৰ্য প্ৰদান কৰা নাই ৷ ছচিয়েল মিডিয়াযোগে একাংশ লোকে ভুৱা বাতৰিহে বিয়পাইছে।

Click here to like us on Facebook.

Get real time updates directly on you device, subscribe now.