দ্য ষ্টেটমেন্ট : ২৬ ফেব্ৰুৱাৰীত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ইতিহাস সৃষ্টি কৰি মণিপুৰৰ সকলো জাতি ধৰ্মৰ লোকক ড্ৰাগছৰ বিৰুদ্ধে একগোট কৰাৰ সময়তে আন এটা ইতিহাসৰ সৃষ্টি কৰিলে।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰা এখন ফটোত বিদ্যালয়ৰ ছাত্ৰই আঁঠুকাঢ়ি, মাটিত মূৰ লগাই মুখ্যমন্ত্ৰীজনক আদৰণি জনোৱাৰ দৃশ্য দেখা গৈছিল। সেই ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বহু লোকে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সমালোচনা কৰিছে। এজনে লিখিছে, “মুখ্যমন্ত্ৰী মহোদয়, যদি আপুনি এনেকুৱা ধৰণৰ সন্মান পাব বিচাৰে, তেতিয়াহলে থাইলেণ্ডলৈ গৈ ৰজা হওঁকগৈ, ভাৰতত নহয়। সকলোৰে এটা সীমা থাকে।”
বহুলোকে এই বিষয়ত ছচিয়েল মিডিয়াত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কি লিখিছে পঢ়ক:
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।