Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

কেন্দ্ৰীয় চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: ভিক্ষা খোজক, ধাৰলৈ লওঁক,চোৰ কৰক, কিন্তু অক্সিজেন দিয়ক

দ্য ষ্টেটমেন্ট: দিল্লী উচ্চ ন্যায়ালয়ে দেশত হ্ৰাস পোৱা অক্সিজেনৰ চাহিদা পূৰণ নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ বাবে মানৱ জীৱনৰ মূল্য নাই। আদালতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি কয় যে ভিক্ষা খোজক, কাৰোবাৰ পৰা ধাৰলৈ লওঁক বা চোৰ কৰক, কিন্তু অক্সিজেন দিয়ক।

উল্লেখ্য যে দিল্লীৰ মেক্স হস্পিটেলে দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰি তেওঁলোকৰ চিকিৎসালয়ত অক্সিজেনৰ স্তৰ দ্ৰুত গতিত হ্ৰাস পোৱাৰ কথা উল্লেখ কৰিছিল। 

মেক্স হস্পিটেলৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বিপিন সংঘী আৰু ন্যায়াধীশ ৰেখা পল্লী বিচাৰপিঠে চিকিৎসালয় খনত অক্সিজেন যোগান ধৰিবলৈ নিৰ্দেশ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। আদালতে কয় যে “আমাৰ এই দৃশ্য দেখি দুখ অনুভৱ কৰিছো আৰু আমি দুঃখিত কাৰণ চৰকাৰে বাস্তৱত কোনো কথা উপলব্ধি কৰা নাই।

আদালতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে “আপোনালোকে এইটো কথা ক’ব নোৱাৰে যে আপোনালোকে ইমানেই অক্সিজেন ইমান দিনৰ বাবে দিব পাৰে, লাগিলে মানুহ মৰি যাওক। এই কথা কেতিয়াও মানি ল’ব নোৱাৰি আৰু এখন সাৰ্বভৌম চৰকাৰে এই উত্তৰ প্ৰদান কৰিব নোৱাৰে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.