Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

কাম কৰিছে কৰ’ণাৰ ভেকচিনে: প্ৰতিষেধক লোৱা ১০ হাজাৰৰ ভিতৰত কেৱল ৪ জন আক্ৰান্ত কৰ’ণাত

দ্য ষ্টেটমেন্ট: দেশত কৰ’ণা ভাইৰাছৰ সংক্রমণ বৃদ্ধি হোৱাৰ সময়তে এই সংক্ৰমণ ৰোধ কৰিবলৈ দেশত দ্ৰুত গতিত ভেকচিন প্ৰদান কৰাৰ কাম আৰম্ভ হৈছে। ভাৰতত ইতিমধ্যে ১২ কোটি নাগৰিকক ভেকচিন প্ৰদান কৰা হৈছে। 

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ভেকচিনক লৈ মানুহৰ মনত ভয় সংশয় থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে সেই ভয় সংশয় দূৰ কৰাৰ বাবে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে  কেৱল ০.০২ শতাংশৰ পৰা ০.০৪ শতাংশ লোকহে ভেকচিন লোৱাৰ পিছত পুনৰ কৰ’ণাত আক্ৰান্ত হৈছে। অৰ্থাৎ ১০০০০ ভেকচিন লোৱা লোকৰ ভিতৰত কেৱল ২ ৰ পৰা ৪ জন লোকেহে কৰ’ণাত আক্ৰান্ত হৈছে। বিশেষজ্ঞৰ মতে ভেকচিন গ্ৰহণ কৰাৰ পিছতেই কোভিডত আক্ৰান্ত হোৱা টোক ব্ৰেক থ্রো ইনফেক্সন বুলি কোৱা হয়। 

চৰকাৰী তথ্য অনুসৰি ২০ এপ্ৰিল ২০২১ লৈকে ১১.৬ কোটি নাগৰিকক কোভিশ্বিড ভেকচিন  প্ৰদান কৰা হৈছিল আৰু প্ৰথমটো ড’জ  গ্ৰহণ কৰা ১০,০৩,০২,৭৪৫ জনৰ ভিতৰত কেৱল ১৭,১৪৫ জনহে কৰ’ণাত আক্ৰান্ত হৈছে আৰু এই সংখ্যা হৈছে ০.০২ শতাংশ। আনহাতে কোভিশ্বিড দ্বিতীয় ড’জ লোৱা ১,৫৭,৩২,৭৫৪ জনৰ ভিতৰত কেৱল ৫,০১৪ জন লোকেহে কৰ’ণাত আক্ৰান্ত হৈছে আৰু এই সংখ্যা হৈছে কেৱল ০.০৩ শতাংশ। 

আনহাতে কোভেক্সিন এতিয়ালৈকে ১.১ কোটি নাগৰিকক দিয়া হৈছে আৰু প্ৰথমটো ড’জ লোৱা ৯৩,৫৬,৪৩৬ জনৰ ভিতৰত ৪,২০৪ জন অৰ্থাৎ ০.০৪ শতাংশ আৰু দ্বিতীয়টো ড’জ লোৱা ১৭,৩৭,১৭৮ জনৰ ভিতৰত ৬৯৫ জন অৰ্থাৎ ০.০৪ শতাংশ লোকহে কৰ’ণাত আক্ৰান্ত হৈছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.