দ্য ষ্টেটমেন্ট : দেশৰ কেইবাখনো ৰাজ্যত পুনৰ ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈছে ৷ বিশেষজ্ঞ সকলে কয় যে এয়া কোভিডৰ দ্বিতীয় ৱেভ নহয়, কেৱল আমাৰ অসাৱধানতাৰ বাবে আজি এই পৰ্যায় আহি পৰিছে ৷ ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত প্ৰদেশলৈ চিঠি লিখি কিছু নতুন গাইডলাইন জাৰি কৰে ৷ চিঠিত লিখে যে ক’ৰোণাক লৈ সাৱধানতা অবলম্বন কৰাটো প্ৰয়োজনীয় ৷ সেইবাবে ২৭ জানুৱাৰী ২০২১ত ক’ৰোণা, কণ্টেনমেন জ’ন, কোভিড প্ৰ’ট’কলক লৈ যিবোৰ নিৰ্দেশ জাৰি কৰিছিল সেই সকলোবোৰ ৩১ মাৰ্চ ২০২১ লৈ অব্যাহত থাকিব ৷
তেওঁ এই চিঠিৰ দ্বাৰা ৰাজ্য চৰকাৰলৈ আহ্বান জনায় যে কেন্দ্ৰৰ গাইডলাইনৰ বিষয়ে জনতাক অৱগত কৰাওঁক যাতে এই নিৰ্দেশ সমূহ জাৰি কৰাত সহজ হয় আৰু ক’ৰোণাৰ প্ৰসাৰক ৰোধ কৰিব পাৰি ৷ এই সময়ত ৰাজ্যৰ ভিতৰত আৰু চুবুৰীয়া দেশৰ সীমান্তত ব্যৱসায়- বাণিজ্য অব্যাহত থাকিব ৷ গৃহ মন্ত্ৰালয়ৰ চিঠি লাভ কৰাৰ পিছত DGCAয়েও আন্ত:ৰাষ্ট্ৰীয় বিমানৰ ক্ষেত্ৰত ৩১ মাৰ্চলৈ প্ৰতিবন্ধকতা বৃদ্ধি কৰিছে ৷ আগতে এই প্ৰতিবন্ধকতা ২৮ ফেব্ৰুৱাৰীলৈ অব্যাহত আছিল ৷
ভাৰতত বৃদ্ধি হৈছে ক’ৰোণাৰ সংক্ৰমণ
ভাৰতত এতিয়ালৈকে প্ৰায় ১ কোটি ১০ লাখ ক’ৰোণা আক্ৰান্তৰ সংখ্যা পোহৰলৈ আহিছে ৷ ইয়াৰ ভিতৰত মৃত্যু হৈছে ১ লাখ ৫৭ হাজাৰ গৰাকীৰ ৷ যোৱা কিছুদিনৰ পৰা ক’ৰোণাৰ সংক্ৰমণ বৃদ্ধি হৈছে ৷ ১ ফেব্ৰুৱাৰীত ক’ৰোণাৰ ৮,৬৩৫টা ঘটনা পোহৰলৈ আহিছে ৷ ১৯ ফেব্ৰুৱাৰীত এই সংখ্যা হয়গৈ ১৩,৯৯৩ আৰু ২৫ ফেব্ৰুৱাৰীত হয়গৈ ১৪,৩০০ ৷ অৰ্থাৎ পুনৰ দেশত ক’ৰোণাৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি হৈ আছে ৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।