Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

ক’ৰ’ণাৰ ভেকচিন কেতিয়া আহিব?-বিশ্ব স্বাস্থ্য সংস্থাই অৱশেষত সেই কথা জানিবলৈ দিলে

দ্য ষ্টেটমেন্ট : সমগ্ৰ বিশ্বতে কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ভাৰতত ৬৬ লাখতকৈ অধিক লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ উপৰিও ১ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে।
বর্তমান সময়ত বিশ্বৰ বহু ঠাইত কৰ’ণা ভাইৰাছৰ ভেকচিনৰ ট্ৰায়েল চলি আছে।সমগ্ৰ বিশ্বই কৰ’ণা ভাইৰাছৰ ভেকচিনলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এটা ভাল খবৰ আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিষয়া ট্ৰেডছ এডনামে জানিবলৈ দিছে যে এটা সুৰক্ষিত আৰু প্ৰমাণিক ভেকচিন এই বছৰৰ শেষলৈকে তৈয়াৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিষয়াজনে কয় যে বিশ্বৰ সকলো নেতাই এই ভেকচিন সমান পৰ্য্যায়ৰ বিতৰণ সুনিশ্চিত কৰিব লাগিব। 

বিশ্ব স্বাস্থ্য সংস্থাৰ  কাৰ্য্যকৰী বর্ডৰ বৈঠকত মুখ্য বিষয়াজনে কয়-“আমাক ভেকচিনৰ প্ৰয়োজন আৰু আমি আশা কৰিছোঁ যে এটা সুৰক্ষিত আৰু প্ৰমাণিক ভেকচিন এই বছৰৰ শেষলৈকে আমাৰ হাতলৈ আহি যাব। বৰ্তমান সময়ত ইজনক সিজনৰ প্ৰয়োজন, আমি একত্ৰিত হ’ব লাগিব আৰু এই ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সম্পূৰ্ণ শক্তিৰ খৰচ কৰিব লাগিব।” 

উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ তত্বাৱধানত চলি থকা কভেস্ক গ্লোবেল ভেকচিন ফেচেলিটীত ৯ টা ভেকচিনৰ কাম পাইপলাইনত আছে আৰু এই ভেকচিনৰ সমান বিতৰণক লৈ নেতাই ৰাজনৈতিক প্ৰতিবন্ধতা ইতিমধ্যে প্ৰকাশ কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.