Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

ৰাহুল আৰু প্ৰিয়ংকাৰ উত্তৰ প্ৰদেশ চৰকাৰলৈ প্ৰশ্ন: ‘বেটি বচাও নে অপৰাধী বচাও’

দ্য ষ্টেটমেন্ট : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে চৰকাৰৰ কিছু নীতি আৰু সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰায়ে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি আহিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি হোৱাৰ ঘটনাক লৈ উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা কৰি টুইটাৰত লিখে “আৰম্ভ হৈছিল বেটি বচাও, কিন্তু এতিয়া চলি আছে অপৰাধী বেটি বচাও। 


ৰাহুল গান্ধীৰ উপৰিও কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে টুইট কৰি লিখে ” উত্তৰ প্ৰদেশৰ চৰকাৰে এইয়া কোনটো মিছনৰ অধীনত হৈছে, সেই কথা জনাব নেকি? বেটি বচাও নে অপৰাধী বচাও?

উত্তৰ প্ৰদেশ চৰকাৰক এই প্ৰশ্ন কিয় সুধিলে?

উত্তৰ প্ৰদেশৰ কোটয়ালী এলেকাত মহিলা আৰক্ষীৰ লগত অভদ্ৰামী কৰাৰ বাবে আৰক্ষী আৰু বিজেপিৰ কায্যকৰ্তাৰ মাজত বিবাদ আৰম্ভ হোৱাৰ পাছতেই আৰক্ষীয়ে বিজেপিৰ কায্যকৰ্তা জনক গআটক কৰিছিল। সেই খবৰ লাভ কৰাৰ পাছতেই দলীয় সতীৰ্থক লগত লৈ বিজেপিৰ বিধায়ক কোটয়ালীত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰা বিজেপিৰ কায্যকৰ্তাজনক মুকলি কৰি লৈ যায়। এই প্ৰসংগত প্ৰশ্ন সোধাত কোটয়ালী থানাৰ বিষয়াই কয় নে নগৰ অধ্যক্ষৰ আদেশত তেওঁলোকে আটক কৰা লোকজনক মুকলি কৰি দিয়ে। এই ঘটনাৰ পাছতেই ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন কৰি সোধে উত্তৰ প্ৰদেশত বেটি বচাও নে অপৰাধী বচাও অভিযান চলি আছে। 

আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.