Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?

দ্য ষ্টেটমেন্ট : আজি অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পয্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰ ৬ বজাৰ লগে লগে অন্ত পৰিল।নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনা অসমৰ বিত্ত, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডঃ শৰ্মাক ভূয়সী প্ৰশংসা কৰি কয় যে জালুকবাৰীৰ প্ৰতিটো পৰিয়ালে হিমন্ত বিশ্বৰ পৰা মৰম আৰু আন্তৰিকতা লাভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নাম শুনিলে সকলোৱেই জয়ধ্বনি দিয়ে, ইয়া মানৱ জীৱনত বিৰল। সুদীৰ্ঘ কাল ৰাইজৰ বাবে কাম কৰিছে। নিষ্ঠাৰে কাম কৰিছে। কেতিয়াবা ২২ ঘণ্টা, ২৩ ঘণ্টা পৰ্যন্ত কাম কৰিছে। মই হিমন্ত বিশ্ব শৰ্মাকলৈ গৌৰাবান্বিত। আপোনালোকে সদায় হিমন্ত বিশ্ব শৰ্মাক মৰম দিব।”

তাৰ উপৰিও সৰ্বানন্দ সোনোৱালে কয় যে “হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে বিপুল ভোটত জয়ী কৰাব বুলি মোৰ বিশ্বাস। আজি জালুকবাৰী সমষ্টিত যিমান ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান গঢ় লৈ উঠিছে, দলং নিৰ্মাণ হৈ আছে, এই সকলোবোৰ হোৱাৰ অন্তৰালত হিমন্ত বিশ্ব শৰ্মাৰ অৱদান আছে। এইখন চৰকাৰে ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে কাম কৰিছো। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিভাগৰ দায়িত্ব সুচাৰু ৰূপে পালন কৰিছে। দক্ষতাৰে কাম কৰি অসমক প্ৰগতিৰ পথত অগ্ৰসৰ কৰিছে। মই আশীৰ্বাদ বিচাৰিছো। জালুকবাৰীৰৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক যি মৰম দিছে, তাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই দেশৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে ।”

ভাষণৰ শেষত সৰ্বানন্দ সোনোৱালে ৰাইজৰ অনুমতি বিচাৰি ডঃ হিমন্ত বিশ্ব শৰ্মাক এখন গামোচা পিন্ধাই ৰাইজক ৯৫ শতাংশ ভোট ডঃ শৰ্মাৰ পক্ষে দিবলৈ আহ্বান জনায়। অৱশ্যে সৰ্বানন্দ সোনোৱালে ৰাইজৰ অনুমতি বিচাৰি ডঃ হিমন্ত বিশ্ব শৰ্মাক জালুকবাৰীৰ নিৰ্বাচনী সভাত গামোচা পিন্ধোৱাৰ পিছতে বহু লোকে সোনোৱালে ডঃ শৰ্মাক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী  হিচাপে প্ৰক্ষেপ কৰি শুভেচ্ছা জনালে নেকি? সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে। 

আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.