Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

ফ্ৰান্সত পেগম্বৰ মহম্মদৰ বিতৰ্কিত কাৰ্টুন দেখুওৱাৰ পাছতেই ছাত্ৰই ডিঙি ৰেপি হত্যা কৰিলে শিক্ষকক

দ্য ষ্টেটমেন্ট : ফ্ৰান্সৰ ৰাজধানী পেৰিচত সংঘটিত হোৱা এটা ঘটনাই এতিয়া দেশজুৰি চর্চা লাভ কৰিছে। ১৬ অক্টোবৰত ফ্ৰান্সৰ এখন বিদ্যালয়ত পেগম্বৰ মহম্মদৰ লগত জড়িত এখন কাৰ্টুন দেখুওৱাৰ পাছতেই  ইছলাম ধৰ্ম পালন কৰা ১৮ বছৰীয়া এজন ছাত্ৰই শিক্ষকজনক ডিঙি ৰেপি হত্যা কৰে। 
১৬ অক্টোবৰত ফ্ৰান্সত পেগম্বৰ মহম্মদৰ লগত জড়িত এখন কাৰ্টুন দেখুওৱাত ছাত্ৰজনে শিক্ষকজনক ডিঙি ৰেপি হত্যা কৰাৰ পাছত সেই ঠাইত তেওঁ কিছু শ্লোগানো দিছিল। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতেই অভিযুক্ত ছাত্ৰজনে লুকুৱাই ৰখা বন্দুক উলিয়াই আৰক্ষীক ধমকী প্ৰদান কৰি সেই ঠাইৰ পৰা পলাবলৈ চেষ্টা কৰিছিল। কিছু দূৰত্বৰ পাছতেই আৰক্ষীয়ে তেওঁক ঘেৰি ধৰি আত্মসমৰ্পণ কৰিবলৈ কৈছিল যদিও আত্মসমৰ্পণ নকৰি আৰক্ষীক ধমকীহে প্ৰদান কৰিছিল। অৱশেষত আৰক্ষীয়ে গুলিছালনা কৰাত ছাত্ৰজনৰ থিতাতে মৃত্যু হয়। 


ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত আন ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ফ্ৰান্সত সংঘটিত হোৱা এই ঘটনাৰ দেশজুৰি চর্চা হোৱাৰ পাছতেই ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে এই কাৰ্যক ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণ আখ্যা দি দেশৰ নাগৰিকক হিংসাৰ বিৰুদ্ধে থিয় হ’বলৈ অনুৰোধ জনাইছে। বিদ্যালয়খন ভ্ৰমণ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে আমাৰ এজন নাগৰিকীক এই কাৰণেই হত্যা কৰা হ’ল কাৰণ তেখেতে অভিব্যক্তিৰ স্বাধীনতাৰ বিষয়ে পঢ়াই আছিল। ফ্ৰান্সৰ শিক্ষামন্ত্ৰীয়ে এই ঘটনাক ইছলামিক সন্ত্ৰাসবাদী  আক্ৰমণ আখ্যা দি সকলোকে এক হৈ এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছে। 


উল্লেখ্য যে শিক্ষকজনে বিদ্যালয়ত অভিব্যক্তিৰ স্বাধীনতাৰ বিষয়ে বুজাবলৈ চাৰ্লি এব্দুৰত প্ৰকাশ পোৱা বিতৰ্কিত পেগম্বৰ মহম্মদৰ কাৰ্টুনৰ সহায় লৈছিল। এই কথাৰ বাবে কিছু মুছলমান অভিভাৱকৰ তৰফৰ পৰাও আপত্তি দৰ্শোৱা হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে  চাৰ্লি এব্দু নামৰ আলোচনী খনত পেগম্বৰ মহম্মদৰ বিতৰ্কিত প্ৰকাশ পোৱাৰ পাছতেই বিশ্বৰ সকলো মুছলমানে এই বিষয়ে আপত্তি কৰিছিল আৰু কিছু লোকে আলোচনী খনৰ কাৰ্যলয়ত আক্ৰমণ কৰাৰ পাছত ১২ লোকৰ মৃত্যু হৈছিল।

আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.