Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ’ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ

দ্য ষ্টেটমেন্ট : যোৱা মঙলবাৰে কংগ্ৰেছ দলে গোৱাৰ উপ-মুখ্যমন্ত্ৰী চন্দ্ৰকান্ত কাভেলকাৰৰ পদত্যাগ দাবী কৰিছে৷ হোৱাটছ এপ গ্ৰুপত পৰ্ণ ক্লিপ প্ৰেৰণ কৰি ৰোষত পৰিছে গোৱাৰ উপ-মুখ্যমন্ত্ৰীজন৷ কিন্তু এই ঘটনা পোহৰলৈ অহাৰ পিছতে বিজেপি দলে চন্দ্ৰকান্ত কাভেলকাৰক সুৰক্ষা প্ৰদান কৰি কৈছে যে দলৰ প্ৰত্যেকজন লোকে মহিলাক সন্মান প্ৰদান কৰে৷ সোমবাৰে কাভেলকাৰে গোৱা পুলিচৰ চাইবাৰ চেলত এজাহাৰ ৰুজু কৰিছে৷ তেওঁ কৈছে যে কোনো অজ্ঞাত লোকে তেওঁৰ ফোনটো হেক কৰিছিল আৰু হোৱাটছ এপ যোগে পৰ্ণ ক্লিপ প্ৰেৰণ কৰিছিল৷ 

মঙলবাৰে গোৱা বিজেপিৰ ছচিয়েল মিডিয়া চেলৰ মুৰব্বী প্ৰতিভা বোৰ্কাৰে দাবী জনাইছে-“যদি বিজেপি দলে ‘বেটী বচাওঁ, বেটী পঢ়াওঁ’ নীতিত বিশ্বাস কৰে, তেন্তে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে অতিশীঘ্ৰে কাভেলকাৰক জবাবদিহি কৰিব লাগে আৰু উক্ত কাৰ্যৰ তদন্তও কৰিব লাগে৷” বোৰ্কাৰে নিজাববীয়াকৈও গোৱা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে৷ 

খবৰমতে, ‘ভিলেজেছ অৱ্ গোৱা’ নামৰ হোৱাটছ এপ গ্ৰুপত উপ-মুখ্যমন্ত্ৰীজনে পৰ্ণ ক্লিপ প্ৰেৰণ কৰিছিল৷ উল্লেখযোগ্য যে, যোৱা বছৰ কংগ্ৰেছৰ পৰা ১০ জন বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল তাৰ ভিতৰত কাভেলকাৰো আছিল৷ এতিয়া কাভেলকাৰৰ ফোনৰ দ্বাৰা নিশা ১ বাজি ২০ মিনিটত প্ৰেৰিত পৰ্ণ ক্লিপক লৈ গোৱাৰ ৰাজনীতি উত্তপ্ত হৈ আছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.