Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

নিৰ্বাচন ইফেক্ট: পেট্ৰল ডিজেলৰ পিছত এইবাৰ অসমত বৃদ্ধি হ’ল চিমেন্টৰ মূল্যও

দ্য ষ্টেটমেন্ট : আজি প্ৰায় ১১ দিনৰ পৰা প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে। অসম চৰকাৰে যদিও কৰ’ণা মহামাৰীৰ সময়ত আৰোপ কৰা অতিৰিক্ত কৰৰ ৫ টকা হ্ৰাস কৰিছে কিন্তু তাৰ পিছতো সমগ্ৰ দেশতেই পেট্ৰল ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। কেৱল পেট্ৰল-ডিজেলই নহয়, বৰ্ত্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও দেশত বৃদ্ধি পাইছে। 

পেট্ৰল ডিজেলৰ পিছত এইবাৰ ৰাজ্যত চিমেণ্টৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাইছে। বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰায় আটাইকেইটা  চিমেণ্ট কোম্পানীয়ে একেদিনাই প্ৰতিবেগ চিমেণ্টৰ মূল্য ৫ টকালৈকে বৃদ্ধি কৰিছে। উদাহৰণস্বৰূপে ১৭ ফেব্ৰুৱাৰীলৈকে প্ৰতিবেগ চিমেণ্টৰ মূল্য আছিল ৪২১ টকা। কিন্তু ১৮ তাৰিখে সেই মূল্য হয়গৈ ৪২৬ টকা। জানিব পৰা মতে কাইলৈৰ পৰা ডালমিয়া, মেক্স, বিৰলা গোল্ডেও প্ৰতিবেগ চিমেণ্টেৰ মূল্য বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। 

উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে চিমেণ্ট লবীক সহায় কৰা দিছপুৰৰ এটা বিশেষ চক্ৰই  কমিচনৰ আশাত তেওঁলোকক সহায় কৰাৰ বাবেই চিমেণ্ট কোম্পানীসমূহে মূল্য বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.