Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

উৎসৱৰ সময়ত বৃদ্ধি পাইছে গাড়ীৰ বিক্ৰী: মাৰুটীয়ে বিক্ৰী কৰিলে ১,৭২,৮৬২ খন গাড়ী

দ্য ষ্টেটমেন্ট : দেশত  অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নৱৰাত্ৰি, দুৰ্গাপূজাৰ সময়তে গাড়ীৰ বিক্ৰী বৃদ্ধি পাইছে আৰু দেশৰ গ্ৰাহকৰ মাজত দেখা দিয়া এই ধনাত্মক পৰিৱৰ্তনৰ ফলতে দেশৰ দুটা আগশাৰীৰ গাড়ী কোম্পানী মাৰুটী আৰু হোণ্ডাইয়ে ২০১৯ৰ তুলনাতকৈ অধিক গাড়ী বিক্ৰী কৰিছে। মাৰুটী আৰু হোণ্ডাইৰ উপৰিও হোণ্ডা কাৰ্ছ ইণ্ডিয়া, টয়তা, বাজাজ আৰু মহিন্দ্ৰৰ গাড়ীৰ বিক্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। 

দেশৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা কোম্পানী মাৰুটী চুজুকী ইণ্ডিয়াই দেশত অক্টোবৰ মাহত ২০১৯ৰ অক্টোবৰ মাহৰ তুলনাত ১৯.৮ শতাংশ গাড়ী বেছিকৈ বিক্ৰী কৰিছে। ২০১৯ৰ অক্টোবৰত ১,৪৪,২৭৭ খনৰ তুলনাত ২০২০ৰ অক্টোবৰত মাৰুটিয়ে ১,৭২,৮৬২ খন গাড়ী বিক্ৰী কৰিছে। কিন্তু লক্ষণীয় কথাটো হ’ল যে মাৰুটিয়ে সৰু গাড়ী Alto আৰু Expressoৰ বিক্ৰী এই বছৰৰ প্ৰথম মাহত ২৮,৫৩৭ ৰ তুলনাত ২৮,৪৬২ জন গাড়ী বিক্ৰী কৰিছে আৰু আনহাতে Swift, Celerio, Ignis, Baleno আৰু Dzireৰ বিক্ৰী ১৯.২ শতাংশ বৃদ্ধি হৈছে। ২০১৯ৰ অক্টোবৰত ৭৫,০৯৪ ৰ তুলনাত ২০২০ৰ অক্টোবৰত ৯৫,০৬৭ খন গাড়ী বিক্ৰী হৈছে। 

আনহাতে হোণ্ডাইয়ে ২০১৯ৰ অক্টোবৰত ৫০,০১০ৰ তুলনাত ২০২০ৰ অক্টোবৰত ৫৬,৬০৫ খন গাড়ী বিক্ৰী কৰিছে। হোণ্ডা কাৰ্ছ ইণ্ডিয়াইও ৮.৩ শতাংশ বৃদ্ধিৰে অক্টোবৰ মাহত ১০,৪৩৬ খন গাড়ী বিক্ৰী কৰিছে। টয়’টাই ২০১৯ৰ অক্টোবৰৰ তুলনাত ৪.২৭ শতাংশ বৃদ্ধিৰ সৈতে ১২,৩৭৩ খন আৰু মহিন্দ্ৰই ২০১৯ ৰ ১৮,৪৬০ খনৰ তুলনাৰ অক্টোবৰ মাহত ১৮,৬২২ খন গাড়ী বিক্ৰী কৰিছে। 

গাড়ীৰ লগতে উৎসৱৰ সময়ত দুচকীয়া বাহনৰ বিক্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। হিৰো মটো কৰ্পছে ৭.৭ শতাংশ বৃদ্ধিৰ জৰিয়তে তিনিটা মাহত ১৮.২২ লাখ দুচকীয়া বাহন বিক্ৰী কৰিছে। টিভিএছে অক্টোবৰ মাহত ২২ শতাংশ বৃদ্ধিৰ জৰিয়তে ৩,৯৪,৭২৪ খন বাহন বিক্ৰী কৰিছে। আনহাতে বাজাজেও ২০১৯ৰ অক্টোবৰৰ ৪,৬৩,২০৮ খন বাহনৰ বিপৰীতে ২০২০ৰ অক্টোবৰত ৫,১২,০৩৪ খন বাহন বিক্ৰী কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.