Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

হাথৰস কাণ্ডক লৈ প্ৰতিবাদ কৰিব ? সাৱধান এনফৰ্চমেন্ট ডাইৰেক্টৰে গোচৰ ৰুজু কৰিব

বুলন কুমাৰ শইকীয়া : হাথৰসৰ দলৱদ্ধ ধৰ্ষণৰ বলি হোৱা দলিত সম্প্ৰদায়ৰ যুৱতীগৰাকীৰ পৰিয়ালে ন্যায় পাবলৈ আপুনি সংগঠিত প্ৰতিবাদ কৰিম বুলি ভাবিছে নেকি ? সাৱধান ৷ আপুনি এনফৰ্চমেন্ট ডাইৰেক্টৰেটৰ (ED) ঝামেলাত পৰি যাব পাৰে ৷ ধৰ্ষণ কাণ্ডটোক গাপ দি ৰাখিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে প্ৰাৰম্ভতে কৰা অহোপুৰুষাৰ্থখিনি আপুনি দেখিলে ৷ এতিয়া সাজু হওঁক ইডিয়ে কেনেকৈ উক্ত ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলক নাকি লগাই তাকে প্ৰত্যক্ষ কৰিবলৈ ৷

আচলতে হাথৰস কাণ্ডৰ আজি সৰ্বত্ৰতে প্ৰতিবাদ হৈছে ৷ শুকুৰবাৰে দিল্লীৰ যন্তৰ মন্তৰত দেখা গ’ল অভূতপূৰ্ব প্ৰতিবাদ ৷ যোগী আদিত্যনাথ চৰকাৰে প্ৰাৰম্ভতে পুলিচ বাহিনীৰ হতুৱাই নিৰ্যাতিতা পৰিয়ালক ভাবুকি দিয়াৰ উপৰিও বিৰোধী দল, সংবাদমাধ্যমৰ প্ৰৱেশ পৰ্যন্ত ঘটনাস্থলীত বন্ধ কৰিলে ৷ অৱশ্যে প্ৰতিবাদৰ প্ৰকোপ চৰি অহাত আৰক্ষী অধীক্ষকসহ কেইবাজনক বৰ্খাস্ত কৰি ঘটনাৰ তদন্তৰ ভাৰ অপৰ্ণ কৰিলে চিবিআইক ৷ চিবিআইৰ তদন্তৰ ফলাফল কি ওলাব সেয়া অনুমান কৰি ল’ব পৰা বিধৰ কাৰণ সংস্থাটোৰ স্বতন্ত্ৰতা আছে বুলি এতিয়া কোনেও বিশ্বাস নকৰে ৷

ইফালে হাথৰস কাণ্ডকলৈ দিনে দিনে বাঢ়িবলৈ ধৰিছে প্ৰতিবাদ ৷ শেষত গৈ দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ তুলি হাথৰসৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৫৩এ ধাৰা প্ৰযোজ্য কৰি এক গোচৰ ৰুজু কৰিছে ৷ এই গোচৰতে সাঙুৰ খাই পৰিছে carrd ডট কম নামৰ অনলাইন প্লেটফৰ্মত গঢ়ি তোলা প্ৰতিবাদী কন্ঠৰ এটা ৱেইবপেইজ ৷ আৰক্ষীৰ অভিযোগ এই পেইজটোৰ পৰাই আৰম্ভ হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে অভিযান ৷ এতিয়া ইডিয়েই তাকেই লক্ষ্য কৰিছে কোনে কেনেকৈ উক্ত ৱেবপেইজৰ জৰিয়তে সংগঠিত হৈছে আৰু প্ৰতিবাদ কৰিছে ৷ ইডিৰ লক্ষ্ণৌ চক্ৰৰ বিষয়াৰ মতে প্ৰতিবাদ কৰিবলৈ জমা হোৱা টকাৰ উৎস আৰু ব্যৱহাৰকাৰীৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা হৈছে ৷ এইক্ষেত্ৰত আইন বলৱৎকাৰী সংস্থাটোৱে কম্পিউটাৰ ইমাৰজেন্সী ৰেছপঞ্জ টীম অৱ ইণ্ডিয়াৰো সহায় বিচাৰিছে ৷ হাথৰস আৰক্ষীৰ অভিযোগৰ ভিত্তিত ইডিয়ে এতিয়া প্ৰতিবাদকাৰীৰ ওপৰত “প্ৰিভেনছন অৱ মাণি লণ্ডাৰিং এক্ট”ৰ ধাৰা প্ৰযোজ্য কৰাৰ সম্ভাবনা প্ৰবল ৷ চৰকাৰী সংস্থাসমূহৰ স্থিতিৰ পৰা এইটোৱেই বুজা গৈছে হাথৰস কাণ্ডৰ অপৰাধীয়ে শাস্তি পাওঁক বা নাপাওঁক ডাঙৰ কথা নহয় কিন্তু উক্ত কাণ্ডৰ প্ৰতিবাদকৰাসকলে যেনেকৈ নহওঁক শাস্তি পাবই লাগিব ৷

(প্ৰকাশিত মন্তব্য লেখকৰ নিজা মত)

Get real time updates directly on you device, subscribe now.