Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

কৃষি বিল নে অক্টোপাছৰ হাতোৰা ? কি হ’বলৈ গৈ আছে দেশৰ ভৱিষ্যত?

বুলন কুমাৰ শইকীয়া : মই নিজে এগৰাকী ক্ষুদ্ৰ পৰ্যায়ৰ কৃষিভিত্তিক উদ্যোগৰ গৰাকী ৷ কৃষকৰ পৰা সৰিয়হ সংগ্ৰহ কৰি মই তেল উৎপাদন আৰু বিক্ৰী কৰো ৷ গোটেই দেশখনতে মোৰ দৰে অজস্ৰ সৰু-বৰ উদ্যোগী আছে ৷ পুঁজিপতিৰ মালিকানাধীন বৃহৎ গোষ্ঠীসমূহৰ কথা উল্লেখ কৰাৰ প্ৰয়োজন নাই ৷ মোৰ দৰে ক্ষুদ্ৰ উদ্যমীসকলৰ কথা কৈছো ৷ আমি সততে সন্মুখীন হোৱা সমস্যাটো হ’ল কেঁচামাল সংগ্ৰহৰ। কাৰণ মফচলীয় কেন্দ্ৰবিলাকৰ সমীপৱৰ্তী ডাঙৰ চহৰবিলাকত অৰ্থবান বণিজ শ্ৰেণী থাকেই আৰু তেওঁলোকৰ এজেন্টে আগধন প্ৰদানেৰে কৃষকৰ পৰা উৎপাদিত ফচল আটাইতকৈ আগতীয়াকৈ সংগ্ৰহ কৰে ৷ স্বাভাৱিকতে কৃষকে উচ্চ মূল্য পোৱাৰ কথা ভাবিবই নোৱাৰি ৷ তেওঁলোকৰ সামগ্ৰীৰে কমিছন খোৱা মধ্যভোগী এজেন্ট আছে ৷ এতেকে আমাৰ দৰে ক্ষুদ্ৰ উদ্যমীয়ে কেঁচামাল সংগ্ৰহ কৰিবলগীয়া হয় খেতিয়কক সৰ্বোচ্চ দাম প্ৰদান কৰি ৷

এইটো কেৱল মই নিজে চলাই থকা উদ্যোগটোৰ কথা কোৱা নাই ৷ ই তেনে আকাৰৰ সকলোবোৰ উদ্যোগৰ ক্ষেত্ৰতে প্ৰযোজ্য ৷ এতিয়া প্ৰশ্নটো হ’ল চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষি সম্পৰ্কীয় বিলসমূহৰ বাবে আমি চিন্তিত হোৱা উচিত নে ? প্ৰথমে কৃষকৰ কথা কৈ লওঁ ৷ আমি প্ৰগতিশীল, পেছাদাৰী, আৰ্থিকভাৱে টনকিয়াল কৃষক খুউব কমেইহে দেখিছো ৷ সেইসকলৰ কথা বাদ ৷ যিসকলে পেটেভাতে চলি আছে, সম্বলৰ অভাৱত একমাত্ৰ বৃত্তি হিচাপে কৃষি কৰ্মক ভৰসা কৰিবলগীয়া হৈছে সেইসকলেনো কেনেকৈ লাভৱান হ’ব নতুন কৃষি নীতিৰ দ্বাৰা ৷ চৰকাৰে কৈছে এতিয়াৰে পৰা কৃষি খণ্ডত ব্যক্তিগত কোম্পানীৰ বিনিয়োগ হ’ব, প্ৰযুক্তি আহিব ৷ বিপণন – পৰিবহণত গুৰুত্ব দিয়া হ’ব, খেতিয়কে উচ্চ দামৰ বজাৰৰ সন্ধান পাব, চৰকাৰী নিয়ন্ত্ৰিত বজাৰ সমিতিত বিক্ৰী নকৰিলেও চলিব ইত্যাদি ইত্যাদি ৷ শুনাত কথাবোৰ আকৰ্ষণীয়, কিন্তু বাস্তৱত তাৰ স্বৰূপ কি ? এটা সাধাৰণ প্ৰশ্ন – ব্যক্তিগত বিনিয়োগকাৰী প্ৰতিষ্ঠানে কিয় আগবাঢ়ি আহিব আৰু কৃষকক কেনে নিশ্চয়তাৰ ভিত্তিত বিনিয়োগ আগবঢ়াব ? যিসকল সাধাৰণ অৱস্থাৰ খেতিয়ক তেওঁলোকে বিনিয়োগ লাভ কৰিবলৈ কেনেধৰণৰ চৰ্তাৱলীৰ সন্মুখীন হ’ব ? আনহাতে কৃষিখণ্ডৰ আন্তঃগাঁথনি ব্যক্তিগত খণ্ডৰ পুঁজিৰে নিৰ্মাণ কৰাৰ পিচত কৃষকে কেনে মূল্যৰ বিনিময়ত সেয়া ব্যৱহাৰ কৰিবলৈ পাব ? তাৰ সদুত্তৰ আছেনে চৰকাৰৰ হাতত ?

এইখিনিতে মনত পেলাওক ধুমধামকৈ স্থাপন কৰা টোলগেটসমূহলৈ ৷ আপুনি গাড়ী কিনিছে, কৰ দিছে ৷ ইন্ধন ভৰাইছে তাতো কৰ দিছে ৷ ৰাস্তা-পদূলি ৰাইজৰ কৰ-কাটলৰে নিৰ্মিত ৷ এতিয়া সেই ৰাস্তাত টোল গেট বহাইছে ৷ ইয়াৰ অৰ্থ চৰকাৰৰ পেট আপোনাৰ কৰ-কাটলৰে ভৰা নাই , আৰু লাগে কৰ ৷ যদি ব্যক্তিগত খণ্ডৰ বিনিয়োগেৰে কৃষিখণ্ডৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ হয় তেন্তে কৃষকে কৰ আদায় অবিহনে সেয়া ব্যৱহাৰৰ সুযোগ পাবনে ? উত্তৰ- নেতিবাচক ৷ কাৰণ কোনোবাই সামাজিক দায়ৱদ্ধতা বিনিয়োগ পালন কৰিবলৈ, দয়া দেখুৱাবলৈ বিনিয়োগ নকৰে ৷ এই সাধাৰণ কথাটো “অচ্চে দিন”ৰ স্বপ্নত বিভোৰ মানুহে উপলব্ধি কৰিবলৈ হ’ল ৷

কৃষি বিল আচলতে কেইখনমান আইন নহয় ,ই অক্টোপাচৰ হাতোৰা ৷ মোডী চৰকাৰে অতি কৌশলৰে কৃষিখণ্ডক অক্টোপাছৰ আলিংগণ কৰিবলৈ বিচাৰিছে বুলি মই ব্যক্তিগতভাৱে বিশ্বাস কৰো ৷ ব্যক্তিগত বিনিয়োগৰ প্ৰসংগ চৰকাৰে এনেয়ে অনা নাই ৷ ৰিজাৰ্ভ বেংকৰ এটা নিয়ম আছে ৷ বেংকৰ প্ৰতিটো শাখাই জমাকৃত পুঁজিৰ ২৮ শতাংশ স্থানীয় ভাৱে কৃষি ঋণ হিচাপে প্ৰদান কৰিব লাগিব ৷ অসমৰ দৰে ৰাজ্যত ৰাষ্ট্ৰীয়কৃত বেংকে সেই নিৰ্দেশনা অমান্য কৰি আহিছে যদিও অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানাৰ দৰে ৰাজ্যত পালন কৰি আহিছে ৷ এতিয়া ব্যক্তিগত পুঁজি আগমণৰ লগে লগেই ৰিজাৰ্ভ বেংকৰ সেই নিৰ্দেশনা ক্ৰমাৎ বাতিল হ’ব আৰু কৃষি খণ্ডৰ প্ৰতিও ৰাষ্ট্ৰীয়কৃত বেংকৰ দায়ৱদ্ধতা লোপ পাব ৷ সেই সম্ভাৱনা তেনেই প্ৰকট ৷ বেংকসমূহৰ একত্ৰীকৰণৰ জৰিয়তে চৰকাৰে ব্যয় কমাবলৈ চেষ্টা কৰা কালত সেইটো যে নহ’ব তাক কোনেও নিশ্চয়তা দিব নোৱাৰে ৷

সকলোতকৈ বিপদজনক খেলখন চৰকাৰে আৰম্ভ কৰিছে অত্যাৱশ্যকীয় সামগ্ৰী আইনত সংশোধন আৰোপ কৰি ৷ চাউল, দাইল, আলু পিয়াজ, খোৱা তেল এইবোৰ এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত নপৰে আৰু যিয়ে যেনেকৈ মজুত কৰে, যি দামতেই বিক্ৰী কৰে তাৰ ওপৰত চৰকাৰে নিয়ন্ত্ৰণ নকৰে ৷ ব্যক্তিগত কোম্পানীক বৰপীৰা পাৰি দিয়া চৰকাৰে বেংক, কৃষি দপ্তৰবোৰ এসময়ত নিষ্ক্ৰিয় কৰি তুলিবই ৷ একেদৰে অসামৰিক যোগান বিভাগটোকো অপ্ৰয়োজনীয় কৰি তুলিব ৷ আচলতে পূৰ্বে যি ব্যৱস্থা বাহাল আছিল তাত জনস্বাৰ্থৰ প্ৰসংগটো জড়িত হৈ আছিল ৷ কিন্তু এতিয়া সময় ব্যক্তিগত কোম্পানীৰ স্বাৰ্থক প্ৰাধান্য দিয়া ৷ কৃষক আৰু কৃষি খণ্ডক তাৰ বাবে ঢাল হিচাপেহে ব্যৱহাৰ কৰিছে চৰকাৰে ৷ এনে পটভূমিত কৃষক কিয় ?

আমাৰ দৰে কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল ক্ষুদ্ৰ উদ্যোগীতো বাদেই দেশৰ খাদ্য শস্য বিক্ৰেতাৰ চেইনটোৰ ওপৰতো ব্যাপক কুপ্ৰভাৱ পৰিব আৰু সেই কুপ্ৰভাৱক পৰাজিত কৰি সতকাই থিয় দিব পৰাটো দুৰূহ কাৰবাৰ বুলি পৰিগণিত হ’ব ৷ অনাগত দিনত এই বিল চৰকাৰে আশা কৰা ধৰণে কাৰ্যকৰী হ’বলৈ হ’লে দেশত খাদ্য সামগ্ৰীৰ অতিপাত দাম হ’ব, বণিক গোষ্ঠীয়ে স্বস্বাৰ্থত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব ৷ এনেকি বিদেশী বজাৰৰ লক্ষ্য বিলকেইখনৰ জৰিয়তে বন্ধাৰ বাবে দেশত মানসম্পন্ন খাদ্য সামগ্ৰীৰো অভাৱ ঘটিব ৷ সেই পৰ্যায়ত দৰিদ্ৰ শ্ৰেণীৰ জীয়াই থাকিবলৈ হাহাকাৰ কৰিব লাগিব, নিম্ন মধ্যবিত্ত শ্ৰেণীয়ে দৰিদ্ৰতাক আকোৱালি ল’ব লাগিব ৷ নিবনুৱাৰ সংখ্যা ক্ৰমাৎ বাঢ়ি যাব ৷ আৰু একমাত্ৰ উচ্চবিত্ত সকলেহে মোডীৰ ভাৰতত টিকিবলৈ সক্ষম হ’ব ৷ সন্মুখত ভয়াৱহ দিন আহি আছে ৷ পকৰী বেচি দেশৰ অৰ্থনীতিত অৰিহণা যোগোৱা বুলি জয়গান গোৱা নৰেন্দ্ৰ মোডীয়েও হয়তো নাজানে বিলকেইখন কাৰ্যকৰী হোৱাৰ পিচত পকৰী ভাজিবলৈ প্ৰয়োজন হোৱা বেচন আৰু ৰিফাইন তেলৰ দাম কিমান হ’ব ?

(প্ৰকাশিত মন্তব্য লেখকৰ নিজা মত)

Get real time updates directly on you device, subscribe now.