Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

অৰ্ণৱৰ পাছতে বিপদত কংগণা: সাম্প্ৰদায়িক বিভেদ বিয়পোৱাৰ অপৰাধত FIR ৰুজু কৰাৰ নিৰ্দেশ

দ্য ষ্টেটমেন্ট : মুম্বাইৰ বান্দ্ৰাৰ আদালতে বলীউদৰ অভিনেত্ৰী কংগণা ৰানাৱটৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিভেদ বিয়পোৱাৰ অপৰাধত এফআইআৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

মুন্না বৰালী আৰু সাহিল আশ্রফ চৈয়দে আদালতত দাখিল কৰা আবেদনত অভিযোগ উত্থাপন কৰিছিল যে কংগণা ৰানাৱটে টুইটৰ জৰিয়তে বলিউডত হিন্দু-মুছলমান সম্প্ৰদায়ৰ মাজত কাজিয়া লগাবৰ চেষ্টা কৰিছে। আবেদনকাৰীয়ে কয় যে কংগণাৰ মন্তব্য আৰু টুইটৰ জৰিয়তে দুয়োটা সম্প্ৰদায়ৰ মাজত বিষবাষ্প বৃদ্ধি পাইছে। আবেদনত উল্লেখ কৰা হৈছে যে কংগণা ৰানাৱটে প্ৰতিদিনে বলিউডক বদনাম কৰিবলৈ চেষ্টা কৰি আহিছে আৰু ছচিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি টেলিভিছনত বলিউডৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আহিছে। 

এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ পাছতেই বান্দ্ৰা আদালতে কংগণা ৰানাওঁতৰ বিৰুদ্ধে FIR দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। শুনানিৰ সময়ত আদালতৰ সন্মুখত আবেদনকাৰীয়ে কংগণাৰ টুইট সমূহ দাখিল কৰে। কোৱা হৈছে যে আৰক্ষীয়ে CRPCৰ ধাৰা 156(3) ৰ অধীনত কংগণাৰ বিৰুদ্ধে FIR ৰুজু কৰিব পাৰে আৰু সোধাপোছাৰ অন্তত পৰ্য্যাপ্ত পৰিমাণৰ প্ৰমাণ পালে কংগনাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.