দ্য ষ্টেটমেন্ট : সোমবাৰে পুৱা নাৰ্কটিক্স কন্ট্ৰল ব্যুৰোৱে অভিনেতা অৰ্জুন ৰামপালৰ মুম্বাইস্থিত গৃহত অভিযান চলায়৷ ৰাতিপুৱাই অৰ্জুন ৰামপালৰ ঘৰত উপস্থিত হৈ নাৰ্কটিক্স কন্ট্ৰল ব্যুৰোৰ বিষয়াই তালাচী চলায় আৰু প্ৰতিটো কোঠা তন্ন-তন্নকৈ পৰীক্ষা কৰে৷ প্ৰকাশিত খবৰমতে, অৰ্জুন ৰামপালৰ ব্যক্তিগত ড্ৰাইভাৰজনক ইতিমধ্যে নাৰ্কটিক্স কন্ট্ৰল ব্যুৰোৱে আটক কৰিছে৷
বলীউডত চলি থকা ড্ৰাগছৰ সৰৱৰাহক লৈ নাৰ্কটিক্স কন্ট্ৰল ব্যুৰোৱে যোৱা কেইবাদিনৰ পৰা তদন্ত অব্যাহত ৰাখিছে৷ উক্ত অভিযোগত ইতিমধ্যে ৰিয়া চক্ৰৱৰ্তীয়ে কাৰাবাসো খাটিছে৷ ইয়াৰ আগতে দীপিকা পাডুকোণ, ছাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰলৈও NCBয়ে চমন জাৰি কৰিছিল৷
দৈনিক ভাস্কৰৰ এক ৰিপোৰ্টমতে, A, D আৰু S আখৰেৰে নাম থকা তিনিগৰাকী খ্যাতনামা বলীউড অভিনেতাৰ নাম ড্ৰাগছ সৰৱৰাহৰ সৈতে সাঙুৰ খাইছে৷ সেই তিনিওগৰাকী অভিনেতা ক্ৰমে অৰ্জুন ৰামপাল, দিন’ মাৰিয়া আৰু শ্বাহৰুখ খান৷ দেওবাৰে বলীউডৰ প্ৰযোজক ফিৰোজ নদীয়াদৱালাৰ পত্নী শ্বাবানা চায়েদক NCBয়ে গ্ৰেপ্তাৰ কৰিছে৷ দেওবাৰে NCBয়ে ফিৰোজ নদীয়াদৱালাৰ ঘৰত অভিযান চলাই ১০ গ্ৰাম গাঞ্জা, তিনিটা মোবাইল ফোন জব্দ কৰে৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।