Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

টিকটৰ আশাত মোগলৰ নতুন সূত্ৰ উলিওৱা মমিনুল আৱালে এইবাৰ হাঁহিব নে কান্দিব?

দ্য ষ্টেটমেন্ট : অসমত এজন নতুন বুৰঞ্জীবিদৰ আবিৰ্ভাৱ হৈছে। এই জনক অসমৰ প্ৰায় সংখ্যক লোকে কালিলৈকে বিজেপিৰ নেতা হিচাপে চিনি পাইছিল কিন্ত আজিৰ পৰা তেঁওক বুৰঞ্জীবিদ হিচাপে চিনি পাব। 

বুৰঞ্জীবিদ মমিনুল আৱালে কয় যে কেৱল মৌলানা বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনেই নহয়, অসমৰ বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই, সাংসদ গৌৰৱ গগৈ, অখিল গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাও মোগল। লগতে বুৰঞ্জীবিদ মমিনুল আৱালে এইটোও কয় যে মোগল কেৱল বিৰোধী দলতেই নাই, বিজেপি দলতো আছে।

মোগলৰ বিৰুদ্ধে বাখ্যা আগবঢ়াই মমিনুল আৱালে কয় যে মোগলৰ আক্ৰমণ এতিয়াও চলি আছে আৰু মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক কেতবোৰ ৰাজনৈতিক শক্তিয়ে ধৰ্মীয় ৰহণ সনাৰ চেষ্টা কৰিছে। একাংশ শক্তিয়ে ধৰ্মীয় মেৰুকৰণৰে বাংলাদেশী মুছলমানৰ ভোট বিচাৰিছে। আৱালে মুখ্যমন্ত্ৰীয়ে কোন সকল লোকক মোগল আখ্যা দিছিল, সেই কথাও বুজাই দি কয় যে সংস্কৃতি, ভাষা, ৰাষ্ট্ৰীয় উদ্যান, জনজাতীয় অঞ্চল আগ্ৰাসন কৰা লোকসকলহে মুখ্যমন্ত্ৰীয়ে মোগল আখ্যা দিছিল। প্ৰফুল্ল কুমাৰ মহন্তৰ কথা উল্লেখ কৰি তেওঁ কয় যে মহন্তই অসম চুক্তি স্বাক্ষৰ কৰি একে নিশাৰ ভিতৰতে ভাৰতীয় কৰা সকল মোগলৰ বংশধৰ। শেষত কয় যে মোগল মানেই মুছলমান নহয়, ৰামসিংহ মোগলৰ সেনাপতি আছিল আৰু অসমৰ বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই, সাংসদ গৌৰৱ গগৈ, অখিল গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাও মোগল। 

ৰাজ্যখনত নতুনকৈ আবিৰ্ভাৱ হোৱা বুৰঞ্জীবিদ মমিনুল আৱালে বিধানসভাৰ নিৰ্বাচনত টিকট লাভ কৰিবলৈ যে এইবোৰ কৈ আছে, সেই কথা ইতিমধ্যে চৰ্চিত হৈছে। হিন্দু-মুছলমানৰ নামত ৰাজনীতি কৰি দলৰ হাই কামাণ্ডৰ গুড বুকছত আহিব বিচৰা আৱালে এইবাৰ টিকেট লাভ কৰে নে ২০১৬ৰ বিধানসভাৰ নিৰ্বাচনৰ দৰে টিকট লাভ নকৰি কান্দিব লাগে, সেইটো কিছু দিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.