Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

সীতাৰাম য়েচুৰীৰ পুত্ৰ আশীষৰ কৰ’ণাত মৃত্যু হোৱাৰ ঘটনাক লৈ বিজেপি নেতাৰ আপত্তিজনক টুইট

দ্য ষ্টেটমেন্ট: চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ ৩৪ বছৰীয়া ডাঙৰ পুত্ৰ আশীষ য়েচুৰীয়ে কৰ’ণাত আক্ৰান্ত হৈ বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয়। আজি ৰাতিপুৱা সীতাৰাম য়েচুৰীয়ে টুইট কৰি দেশবাসীক এই কথা অৱগত কৰে।

উল্লেখ্য যে আজি কৰ’ণাত আক্ৰান্ত হৈ আজি কেইবাদিনৰ পৰা আশীষ য়েচুৰী গুৰগাঁওৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল যে সীতাৰাম য়েচুৰীৰ ৩৪ বছৰীয়া ডাঙৰ পুত্ৰ আশীষ য়েচুৰীৰ মৃত্যুৰ পিছত বিজেপিৰ এজন জ্যেষ্ঠ নেতা আৰু বিহাৰ বিজেপিৰ উপ সভাপতি মিঠিলেশ কুমাৰ তিৱাৰীয়ে টুইট কৰি লিখে “চীনৰ সমৰ্থক চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ ৩৪ বছৰীয়া পুত্ৰ আশীষ য়েচুৰীৰ চাইনীজ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু।”

বিজেপিৰ এজন জ্যেষ্ঠ নেতা আৰু বিহাৰ বিজেপিৰ উপ সভাপতি মিঠিলেশ কুমাৰ তিৱাৰীৰ এই টুইটৰ পিছতেই ছচিয়েল মিডিয়াত বহুলোকে বিজেপিৰ নেতাজনক এই অভদ্ৰ টুইটৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰে।

সমালোচনাৰ অন্তত টুইট ডিলিট কৰি বিজেপিৰ এজন জ্যেষ্ঠ নেতা আৰু বিহাৰ বিজেপিৰ উপ সভাপতি মিঠিলেশ কুমাৰ তিৱাৰীয়ে লিখে যে কোনো লোকে ৰাজনৈতিক মতভেদ থকাৰ বাবে টুইটাৰ একাউন্ট হেক কৰি এই টুইট কৰিছিল। অৱশ্যে দেশৰ কোনো লোকে বিজেপি নেতাজনৰ এই স্পষ্টীকৰণ গ্ৰহণ কৰা নাই। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.