দ্য ষ্টেটমেন্ট :
নাম: দীপাঞ্জলি কাকতি
তাৰিখ: ৯ নৱেম্বৰ
স্থান: কাকপথাৰ
অভিযোগ: কাকপথাৰ থানাৰ উপ-পৰিদৰ্শকক প্ৰহাৰ
আৰক্ষীৰ মতে: দীপাঞ্জলি কাকতি পলাতক
২০২০ চনৰ ৯ নৱেম্বৰত বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিয়ে কাকপথাৰ থানাৰ উপ-পৰিদৰ্শক অপূৰ্ব দাসক থানাৰ ভিতৰতে প্ৰহাৰ কৰাৰ কৰিছিল। সেই খবৰ সংবাদ মাধ্যমেও খুব প্ৰচাৰ কৰিছিল। শেষত উপায় নাপায় আৰক্ষীয়ে দীপাঞ্জলি কাকতি পলাতক বুলি ঘোষণা কৰিলে। ৰাজহুৱা সমালোচনাৰ পিছত কেৱল মানুহক দেখুৱাবলৈ বিজেপি দলেও দীপাঞ্জলি কাকতিক নিলম্বন কৰাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমলৈ বিবৃতি প্ৰদান কৰিলে।
কিন্তু শেষত গম পোৱা গ’ল যে বিজেপি দলে দীপাঞ্জলি কাকতিক নিলম্বন কৰাৰ কথা কেৱল এখন নাটকহে আছিল। নাটক এইকাৰণেই যে কাকপথাৰ থানাৰ উপ-পৰিদৰ্শক অপূৰ্ব দাসক থানাৰ ভিতৰতে প্ৰহাৰ কৰা আৰু বর্তমানেও পলাতক হৈ থকা দীপাঞ্জলি কাকতিক ৰাজ্য চৰকাৰে নৱগঠিত মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সদস্য হিচাপে নিযুক্তি দিছে। ১৫ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সদস্যৰ তালিকাত ২১ নং স্থানত নাম লাভ কৰিছে পলাতক বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিয়ে।
মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সদস্যৰ তালিকাত দীপাঞ্জলি কাকতিয়ে স্থান লাভ কৰাৰ পিছত বহুলোকে আৰক্ষী বিভাগলৈও সন্দেহৰ চুকুৰে চাবলৈ বাধ্য হৈছে। বহুতেই কৈছে যে ভিৰৰ পৰা কোনোৱে আৰক্ষীলৈ শিলগুটি মৰাৰ বাবে অখিল গগৈক নিয়াই গ্ৰেপ্তাৰ কৰিছে আৰু কাকপথাৰ থানাৰ উপ পৰিদৰ্শক অপূৰ্ব দাসক থানাৰ ভিতৰতে প্ৰহাৰ কৰা বিজেপি নেত্ৰীক বিজেপিয়ে পুৰস্কৃত কৰিছে।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।