Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ’ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ

দ্য ষ্টেটমেন্ট : বিহাৰত ২৮ অক্টোবৰৰ পৰা প্ৰথম পৰ্য্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব। ইতিমধ্যে বিহাৰত লালু প্ৰসাদৰ আৰজেডি আৰু নীতিশ কুমাৰৰ দল জেডিয়ুৰ মাজত তুমুল প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এক্সিত পোলত বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ বাবে ভোটাৰৰ প্ৰথম পছন্দ হৈছে নীতিশ কুমাৰ আৰু নীতিশ কুমাৰতকৈ কেৱল ৪ শতাংশ কম লোকে তেজস্বী যাদৱক মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰিছে। 

বিহাৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ কিছু দিনৰ আগতে অৰ্থাৎ বৃহস্পতিবাৰে বিজেপিয়ে ঘোষণা পত্ৰ মুকলি কৰিছে। সেই সময়ত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনো উপস্থিত আছিল। ঘোষণা পত্ৰ মুকলি কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয় “ঘোষণা পত্ৰত আমাৰ প্ৰথম প্ৰতিশ্ৰুতি হৈছে, কৰ’ণা ভেকচিন প্ৰস্তুত হোৱাৰ লগে লগে বিহাৰৰ সকলো লোকক বিনামূলীয়াকৈ এই ভেকচিন প্ৰদান কৰা হ’ব।”

এই প্ৰতিশ্ৰুতিৰ পাছত বিহাৰৰ কিমান সংখ্যক জনতাই বিজেপিক ভোটদান কৰে, সেইটো নৱেম্বৰ মাহতেই স্পষ্ট হৈ উঠিব। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.