Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

‘তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম’: টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া

দ্য ষ্টেটমেন্ট : বিহাৰত ২৮ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত আজি ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা পত্ৰ প্ৰকাশ কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে ঘোষণা পত্ৰত পাঁচটা সূত্ৰ, এটা লক্ষ্য আৰু ১১ টা সংকল্পৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। বিজেপিয়ে প্ৰকাশ কৰা প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত এটা প্ৰতিশ্ৰুতি হৈছে যে সমগ্ৰ বিহাৰৰ জনতাক বিনামূলীয়াকৈ কৰ’ণাৰ প্ৰতিষেধক দিব। 

বিজেপি দলৰ এই প্ৰতিশ্ৰুতিৰ পিছত আৰ টি আই কৰ্মী চাকেট গোখলেয়ে নিৰ্বাচনী আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে।

কৰ’ণাৰ প্ৰতিষেধকক নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰাৰ বাবে এতিয়া বিজেপি ছচিয়েল মিডিয়াত বিৰোধীকে ধৰি সাধাৰণ লোকৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰীয় জনতা দলে টুইট কৰি লিখে “কৰ’ণাৰ প্ৰতিষেধক দেশৰ হয়, বিজেপিৰ নহয়। প্ৰতিষেধকক নিৰ্বাচনত ব্যৱহাৰ কৰা ঘটনাই প্ৰমাণ কৰিছে যে বিজেপিৰ হাতত বেমাৰ আৰু মৃত্যুৰ ভয় বিক্ৰী কৰাৰ বাহিৰে বিকল্প একো নাই। বিহাৰী সকল স্বাভিমানী, কেইটামান টকাৰ বাবে নিজৰ সন্তানৰ ভৱিষ্যত তেওঁলোকে ধ্বংস নকৰে।” সাধাৰণ লোকে বিনামূলীয়া কৰ’ণা ভেকচিনক লৈ কি প্ৰতিক্ৰিয়া দিছে পঢ়ক-

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.